Investigative reporting with dedication.

শেষ নিশ্বাস ত্যাগ কৰিলে কুকিলকণ্ঠী গায়িকা লতা মংগেশকাৰে। লতাজীয়ে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছিল আৰু তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ‘ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী’ আখ্যা দিছিল।মধ্য প্ৰদেশৰ ইন্দোৰ চহৰত পণ্ডিত দীননাথ মংগেশকাৰৰ সূপুত্ৰী লতাজীয়ে জন্মগ্ৰহণ কৰিছিল। দেউতাক আছিল মঞ্চশিল্পী তথা গায়ক। ৫ বছৰ বয়সতে দেউতাকৰ লগত লতাজীয়ে শিশু অভিনেত্ৰীৰূপে মঞ্চত অভিনয় কৰিছিল। ৭ বছৰ বয়সৰ পৰা লতাজীৰ লালন পালন মহাৰাষ্ট্ৰত কৰা হয়।


