শেষৰ গৰাকী কুকিয়েও এৰিলে শেষৰটো নিশ্বাস

ৰঙা কাপোৰ এসাঁজেৰে এগৰাকী মহিলা। নাম হেনো ডনগাইশ্বিঙ। অসমৰ পৰা মণিপুৰৰ খবৰ বুটলিবলৈ যোৱা সাংবাদিকৰ কেমেৰাতো বন্দী হৈছিল ডনগাইশ্বিঙ নামৰ এই মহিলাগৰাকী। ডনগাইশ্বিঙ আজি বাতৰিৰ শিৰোনাম।ডনগাইশ্বিঙ আজি মৃত্যু উপত্যকাৰ হয়তো শেষ খবৰ ।ডনগাইশ্বিঙ হয়তো প্ৰতিবাদৰ অন্তিম কণ্ঠ। ডনগাইশ্বিঙক হত্যা কৰা হ’ল।কোনো অজ্ঞাত আঁততায়ীয়ে গুলীৰে থকা-সৰকা কৰি পেলোৱা হ’ল ডনগাইশ্বিঙৰ নিথৰ শৰীৰ।ইম্ফলৰ ৰাজপথত পৰি ৰ’ল ডনগাইশ্বিঙৰ শৰীৰৰ পৰা জোলোকা-জোলোকে ওলোৱা তেজৰ চেকুৰা।ডনগাইশ্বিঙৰ হত্যাই কি প্ৰমাণ কৰিলে… যে আজিও কিমান নিষ্ঠুৰ মানুহ।আজিও কিমান অশান্ত-উন্মাদ মানুহ।ৰাজনৈতিক ষড়যন্ত্ৰৰ চিকাৰ এনেকৈয়ে যুগ-যুগ হৈ থাকে মানুহ? হয় এয়া ৰাজনৈতিক এখন কুটিল যুদ্ধ।যিখন যুদ্ধত পাশাখেল হিচাপে ব্যৱহাৰ কৰা হ’ল মণিপুৰৰ দুটাকৈ জনগোষ্ঠীক।ৰাজনৈতিক অংকৰ সমীকৰণ মিলোৱাৰ স্বাৰ্থতেই আজি সকলো হৈ পৰিল উন্মাদ।আৰু তাৰ পৰিণতিত বৃহস্পতিবাৰৰ ঘটনা এয়া। অশান্ত মণিপুৰক কিছু স্বভাৱিক বুলি ঘোষণা কৰা হৈছিল।স্কুল খুলি দিয়া হৈছিল।কাল অমানিশা শেষ কৰি মণিপুৰে যেন পুৱাৰ এঙামূৰী কাঢ়িছিল।কিন্ত উদ্দেশ্যে প্ৰণোদিত ৰাজনৈতিক ষড়যন্ত্ৰই মানুহৰ জীৱনতকৈ কলুষিত সম্যক বেছি প্ৰাধান্য দিয়ে।আৰু তাৰেই ফলশ্ৰুতিত আকৌ ইম্ফলৰ ৰাজপথত আৰম্ভ হ’ল গুলিবর্ষণ। ১০ জনকৈ লোকক হত্যা কৰা হ’ল।আৰু তাৰ মাজতেই আঁততায়ীৰ গুলিত শৰীৰ চিৰাচিৰ হৈ ঢলি পৰিল ডনগাইশ্বিঙ।ইম্ফলত থকা শেষ কুকি জনগোষ্ঠীৰ মানুহ আছিল ডনগাইশ্বিঙ। ইম্ফলৰ ৰাজপথত ভৰ দুপৰীয়া কেইটামান বুলেটে চিৰাচিৰ কৰি পেলাইছিল ডনগাইশ্বিঙৰ শৰীৰ। চৰকাৰী তথ্য অনুসৰি ডনগাইশ্বিঙ হেনো মানসিকভাৱে অসুস্থ আছিল।সেয়ে হাজাৰ ভয়-ভাবুকিৰ পাছতো এৰি যোৱা নাছিল ইম্ফল চহৰ।একাংশই দাবী কৰিছে ডনগাইশ্বিঙ হেনো আত্মঘাতী বোমাৰু আছিল। আনহাতে একাংশৰ মতে মানসিকভাৱে সুস্থ নাছিল ডনগাইশ্বিঙ। সেয়ে হাজাৰ নিৰ্দেশৰ পাছতো এৰি যোৱা নাছিল নিজৰ চহৰখন। ডনগাইশ্বিঙ ঘূৰি ফুৰিছিল অশান্ত ইম্ফলৰ ৰাজপথে-ৰাজপথে। অলিয়ে-গলিয়ে ঘূৰি ফুৰিছিল ডনগাইশ্বিঙ নামৰ মহিলাগৰাকী।ডনগাইশ্বিঙৰ মৃত্যুৰ লগে-লগেই হয়তো কুকিমুক্ত হৈ পৰিল ইম্ফল। কুকিমুক্ত ইম্ফলেৰে হয়তো আকৌ এক নতুন ৰাজনৈতিক পাশাখেল আৰম্ভ হ’ব মণিপুৰত। কিন্ত মানৱতাৰ এই ধ্বংসলীলাক পাহৰিব কোনে?

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296