শাস্তি গণ্য কৰা হ’ল নামাজ পঢ়াটোক

Share This Article

মালেগাঁৱৰ দণ্ডাধীশে এজন মুছলমান অপৰাধীক প্ৰদান কৰিছে অদ্ভুত ৰায় ।ব্যক্তিজনে এটা দুৰ্ঘটনা সংঘটিত কৰিছিল।এই দুৰ্ঘটনা সম্পৰ্কত ভাৰতীয় দণ্ডবিধিৰ ৩২৩ ধাৰা অনুসৰি এক গোচৰ ৰুজু হৈছিল।দণ্ডাধীশ তেজৱন্ত সিং সান্ধুৱে বিগত ২৭ ফেব্ৰুৱাৰীত এক নিৰ্দেশৰ জৰিয়তে এই শাস্তি ঘোষণা কৰে।ৰৌফ খান নামৰ অপৰাধী জনে দুটা গছপুলি ৰুব লাগিব আৰু মুঠ ২১দিন দিনে ৫ বাৰকৈ নামাজ পঢ়িব লাগিব।এই শাস্তিৰ ৰায় ঘোষণা কৰি সকলোকে হতচকিত কৰিছে মালেগাঁৱৰ দণ্ডাধীশে।ন্যায়ালয়ে এক ৰায়দান ঘোষণা কৰি কয় ‘ মোৰ মতে এই সকীয়নিৰ জৰিয়তে দোষ কৰা লোক জনক নিজৰ ভুল উপলব্ধি কৰাৰ সুযোগ দিয়া হৈছে।এই শাস্তিৰ পিছত তেওঁ আৰু ভবিষ্যতে এনে কাম কৰাৰ পৰা বিৰত থাকিব।’৩০ বছৰীয়া ৰৌফ খানক ২০১০ চনৰ এটা গোচৰৰ বাবে দোষী সাব্যস্ত কৰে দণ্ডাধীশে। ৰৌফ খানে ২০১০ চনত এজন ব্যক্তিক আক্ৰমণ কৰিছিল আৰু উদ্দেশ্যপ্ৰণোদিত দুৰ্ঘটনা সংঘটিত কৰিছিল ।ভাৰতীয় দণ্ডবিধিৰ ৩২৩,৩২৫,৫০৪আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল ৰৌফ খানৰ বিৰুদ্ধে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.