শান্তি চুক্তিয়ে সিঁচিলে অশান্তিৰ বীজ !

Share This Article

অসম-অৰুণাচল সীমান্তত পুনৰ আৰম্ভ হৈছে উত্তেজনা । বিফল হ’ল নেকি বহু আকাংক্ষিত শান্তি চুক্তি?সীমান্ত এলেকাত অৰুণাচলীয়ে নিৰ্মাণ কৰিলে ঘৰ, খুলিলে ৱাইন শ্ব’প ! সকলো দেখিও , চকু মুদা কুলিৰ ভাও ধেমাজি জিলা প্ৰশাসন আৰু বন বিভাগৰ।পুনৰ ধেমাজিত অসম অৰুণাচল বিবাদমান এলেকাত উত্তেজনা।সোমবাৰে অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত বাতৰি অনুসৰি অসমীয়াক ভাবুকি অৰুণাচলী লোকৰ। আগ্ৰাসী অৰুণাচলী লোকক প্ৰতিৰোধ কৰাৰ বিপৰীতে ধেমাজি জিলা প্ৰশাসন আৰু বন বিভাগে ভাঙিলে অসমতে অসমীয়াই নিৰ্মাণ কৰা শিৱ মন্দিৰ। চকু মুদা কুলিৰ ভাও কিয় ধেমাজি জিলা প্ৰশাসনৰ? কিয় আগ্ৰাসী অৰুণাচলীক প্ৰতিৰোধ কৰাত ব্যৰ্থ ধেমাজি জিলা প্ৰশাসন আৰু বন বিভাগ? উল্লেখ্য যে ২০ এপ্ৰিল তাৰিখে মুখ্যমন্ত্ৰী ড০ হিমান্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ মাজত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দিল্লীত বুজাবুজিৰ স্বাক্ষৰ হৈছিল।যি চুক্তিৰ জৰিয়তে দুয়োখন ৰাজ্যৰ সীমা বিবাদ অন্ত পেলাই শান্তিৰ কামনা কৰা হৈছিল। কিন্তু বুজাবুজিৰ চুক্তিয়েও অন্ত পেলাব নোৱাৰিলে নেকি সীমা সংঘাত? কিয়নো অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সংঘাতকলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত যি শান্তিৰ চুক্তি হৈছিল যদিও বাস্তৱত কাৰ্যত এয়া সম্ভৱ হৈ উঠা নাই।বিপৰীতে দিনক দিনে এয়া হৈ পৰিছে অধিকৰ পৰা অধিকতৰ কঠোৰ আৰু জটিল। উল্লেখ্য যে সুদীৰ্ঘ ৫১ বছৰ ধৰি চলি অহা অসম-অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে বিগত ২০ এপ্ৰিল তাৰিখে চুক্তিত স্বাক্ষৰ কৰিছিল দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে।নতুন দিল্লীৰ গৃহ মন্ত্ৰালয়ৰ নৰ্থ ব্লকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে স্বাক্ষৰ কৰিছিল। উল্লেখ্য যে শান্তি চুক্তি স্বাক্ষৰ ২৪ ঘণ্টা নৌহওঁতেই ২১ এপ্ৰিলত পুনৰ অসম অৰুণাচল সীমান্ত ৰামপুৰত সীমা বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছিল গুলী চালনাৰ ঘটনা। যি ঘটনাই দুয়োখন ৰাজ্যৰ শান্তি চুক্তিত ব্যাঘাত জন্মাইছিল আৰু সৃষ্টি হৈছিল ব্যাপক চাঞ্চল্যৰ। নাওবৈচাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকা ৰামপুৰত ৰামপুৰ খণ্ড বন বিষয়াৰ এটা দল ৰঙা বনাঞ্চলত ৰোপন কৰা গছ পুলি পৰিদৰ্শন কৰিবলৈ যাওঁতে অৰুণাচলী দুৰ্বৃত্তই শূণ্যলৈ গুলী চালনা কৰে। অসম চৰকাৰৰ বন বিভাগে ৰঙা সংৰক্ষিত বনাঞ্চলত ৩০ হেক্টৰ ভূমিত শ শ গছ পুলি ৰোপন কৰা উক্ত গছ পুলি অৰুণাচলী দুৰ্বৃত্তই কাটি তহিলং কৰে। লগতে ভাঙি নষ্ট কৰে গছপুলি সংৰক্ষণৰ বাবে দিয়া ফেনচিং।শান্তি চুক্তিৰ পিছতেই সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল।লক্ষণীয় বিষয় যে পুনৰ সেই বিবদমান এলেকাত ২৮ মে তাৰিখে সংঘাতৰ সূত্ৰপাত হয়। সীমান্তৰ জয়ৰামপুৰ পাণবাৰী অঞ্চলত মাটি বেদখল অৰুণাচলী লোকৰ। উল্লেখ্য যে সীমান্তৰ ভূমিত পকি ঘৰ নিৰ্মাণ, ধান খেতি, ৱাইন শ্ব’প বেহা-বেপাৰ আৰম্ভ কৰিছে অৰুণাচলী লোকে। যাক লৈ চিন্তিত হৈ পৰিছে অসমৰ সীমান্তবাসী লোক। স্থানীয় লোকৰ অভিযোগ যে ধেমাজিৰ বন বিভাগৰ লগতে জিলা প্ৰশাসনে গুৰুত্বহীন কৰিছে বিষয়টো। তাৰ বিপৰীতে আগ্ৰাসী অৰুণাচলীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰি অসমীয়া অসমৰ মাটিত নিৰ্মাণ কৰা শিৱ মন্দিৰতহে উচ্ছেদ চলাইছে ধেমাজি বন বিভাগ তথা জিলা প্ৰশাসনে। স্থানীয় লোকৰ অভিযোগ অনুসৰি অসমীয়াই টঙী ঘৰ সাজিলেও উচ্ছেদ চলায়, অৰুণাচলীয়ে ঘৰ সাজিলেও নীৰৱ ভূমিকা ধেমাজি প্ৰশাসনৰ।সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ৰ ৰায় ন’হালৈকে উক্ত বিবাদমান এলেকাত দুই ৰাজ্যৰ কোনো লোকে মাটি দখল কৰিব নোৱাৰিব বা ঘৰ সাজিব নোৱাৰিব অথবা ব্যৱসায় কৰিব নোৱাৰিব। তেনেস্থলত আলোচনা মাজত থকা বিবাদ মান এলেকাত শেহতীয়াকৈ পুনৰ অৰুণাচলী লোকে ভূমি বেদখল কৰি এটা পকী ঘৰ বনাই বসবাস কৰে, ৱাইন শ্বপ খুলি বেহা-বেপাৰ কৰাৰ সমান্তৰালকৈ অৰুণাচলী বহু লোকে হাবি বন কাটি খেতি কৰা দেখিবলৈ পোৱা গৈছে। সকলো দেখাৰ পিছতো চকু মুদা কুলিৰ ভাও ধৰিছে ধেমাজি বন বিভাগৰ লগতে জিলা প্ৰশাসনে।কিন্তু সীমান্তৰ অসমৰ ভূমিত যেতিয়া অসমীয়াই বিবাদ মান এলেকাত অৰ্থাৎ ধেমাজি জিলাৰ জয়ৰামপুৰ অঞ্চলৰ ১৫ খন গাঁৱৰ মানুহে মিলি এটি শিৱ মন্দিৰ নিৰ্মাণ কৰি থকা অৱস্থাতে ধেমাজি বন বিভাগ আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ নিৰ্মাণ কৰা গৃহ ভাঙি পেলায় যাক লৈ স্বাভাৱিকতে উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজ। এতিয়া প্ৰশ্ন হৈছে দেশৰ ৰাজধানী দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যি শান্তি চুক্তি কৰিছিল সেয়া নিমিষতে বিফল হ’ল নেকি? মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মা, পেমা খাণ্ডুয়ে যি বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিলে সেই চুক্তিয়ে হয়তো অন্ত পেলাব নোৱাৰিলে সীমা সংঘাত। ১৯৭২ চনৰ পৰা দুয়োখন চুবুৰীয়া ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদ এই চুক্তিৰ জৰিয়তে অন্ত পৰিব বুলি আশা কৰা হৈছিল। দুয়োখন চৰকাৰৰ মতে এই শান্তি চুক্তিৰ ফলত ৰাজ্য দুখনৰ মাজৰ প্ৰায় আঠশ কিল’মিটাৰ দৈৰ্ঘৰ সীমাৰ সৈতে থকা ১২৩ খন গাঁৱক লৈ চলি অহা বিবাদৰ অন্ত পৰিব। উল্লেখ্য যে ২০০৭ চনত স্থানীয় আয়োগৰ সন্মুখত অৰুণাচল প্ৰদেশে এই গাঁওসমূহ নিজৰ বুলি দাবী কৰিছিল। দুয়োখন ৰাজ্যৰ মাজত হোৱা আলোচনা তথা গাঁওসমূহ পৰিদৰ্শন কৰি গ্ৰহণ কৰা স্থানীয় লোকৰ মতামত আৰু বিভিন্ন তথ্য পাতিৰ আধাৰত অৱশেষত এই ১২৩ খন গাঁৱৰ ক্ষেত্ৰত থকা বিবাদৰ অন্ত পেলাই বৃহস্পতিবাৰে চুক্তি স্বাক্ষৰিত হয়। কিন্তু তাৰ পিছতেই ২৪ ঘণ্টা নৌহওঁতেই পুনৰ অৰুণাচলী দুৰ্বৃত্তৰ আগ্ৰাসনে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। কিয়নো শান্তি চুক্তিৰ পিছতেই অৰুণাচলী দুৰ্বৃত্তই অসম আৰক্ষীলৈ গুলীচালনা আকৌ বৰ্তমান ভূমি বেদখল কৰি ঘৰ সজা, সুৰাৰ দোকান খোলা আৰু খেতি বাতি কৰাৰ কথা এক অৰ্থত অৰুণাচলী লোকৰ আগ্ৰাসন। আৰু এই কথা স্পষ্ট কৰিছে যে শান্তি চুক্তি বিফল হ’ল।প্ৰশ্ন হৈছে কেতিয়া অন্ত পৰিব সীমান্তৰ সংঘাত। অনাগত দিনতো অব্যাহত থাকিব নেকি এনে অৰাজক পৰিস্থিতি?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.