লোকসভাৰ পূৰ্বে নহয় সমষ্টি পুনৰ নিৰ্ধাৰণ

Share This Article

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নহ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ ৷”এতিয়াও আছে বহু কাম বাকী৷খৰধৰকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰি”-মঙলবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি এনেদৰে মন্তব্য কৰে মুখ্য নিৰ্বাচনী আয়ুক্তই।২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব বুলি সকলোৱে ভাবি আছিল যদিও ইয়াক কাৰ্যতঃ নুই কৰিছে দেশৰ নিৰ্বাচন আয়োগে। যোৱা দেওবাৰে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ,নিৰ্বাচন আয়ুক্তদ্বয় অনুপ চন্দ্ৰ পাণ্ডে,অৰুণ গোৱেলে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত দল-সংগঠনৰ মতামত ল’বলৈ গুৱাহাটীলৈ আহিছিল। সোমবাৰে আয়োগৰ দলটোৱে হোটেল ৰেডিছন ব্লুত এই সন্দৰ্ভত দল-সংগঠনৰ মতামত গ্ৰহণ কৰি মঙলবাৰে বিয়লি সম্বোধন কৰে এখন সংবাদমেল।এই সংবাদমেলতে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ যে নহয় সেই কথা আওপকীয়াকৈ স্বীকাৰ কৰে।সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়সীমা কেতিয়া হ’ব সেই কথা ক’ব নোৱাৰি যদিও মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ স্পষ্ট মন্তব্য-”সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে এতিয়াও আছে বহু কাম বাকী মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে কৰা এই মন্তব্যৰ পাছত সাংবাদিকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত বাদ পৰি যোৱা ১৯ লাখ লোকৰ সন্দৰ্ভত প্ৰশ্ন সোধে। তদুপৰি কোন চনৰ লোকপিয়ল মতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব বুলিও মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীক প্ৰশ্ন সাংবাদিকৰ। এই সন্দৰ্ভত মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ স্পষ্ট উত্তৰ—‘NRC আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ দুটা পৃথক বিষয়৷NRCত বাদ পৰা লোকৰ নাম যদি ২০০১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত হৈ আছে তেন্তে গণনাত সোমাব” উল্লেখ্য ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব বুলি সকলো দল-সংগঠন নিশ্চিত আছিল। সমষ্টি কৰ্তনক লৈও ঠায়ে ঠায়ে হৈছিল প্ৰতিবাদ। বৰ্তমানেও এই প্ৰতিবাদ চলি আছে। তেনে সময়তে মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সন্দৰ্ভত কৰা মন্তব্যই দল-সংগঠনবোৰক যেন দিলে বৃহৎ সকাহ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.