লাডাখৰ পৰিস্থিতি আচলতে কি ?

Share This Article

লাডাখৰ সীমান্তত চীনৰে সৈতে ভাৰতৰ সেনাৰ সংঘাতপূ্ৰ্ণ পৰিস্থিতিকলৈ চৰকাৰক স্থিতি স্পষ্ট কৰাৰ বাবে এইবাৰ দাবী জনাইছে ৰাহুল গান্ধীয়ে ৷ মঙলবাৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কয় যে “লাডাখ সীমান্তৰ বৰ্তমানৰ পৰিস্থিতি সম্পৰ্কে অবিলম্বে দেশৰ জনসাধাৰণৰ আগত স্থিতি স্পষ্ট কৰিব লাগে ভাৰত চৰকাৰে ৷ এই ক্ষেত্ৰত স্বচ্ছতা বজাই ৰখাৰ দ্বায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ ।” পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ওচৰত চীনৰ সামৰিক বাহিনীৰ সৈতে ভাৰতীয় সেনাৰ সংঘাত সম্পৰ্কে যিবোৰ বাতৰি প্ৰকাশ হৈ আছে তাক লৈ ৰাহুল গান্ধীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
মঙলবাৰে ভিডিঅ কণফাৰেণ্সৰ জৰিয়তে সংবাদ কৰ্মী সকলৰ স’তেও কথা পাতে ৰাহুল গান্ধীয়ে ৷ প্ৰাক্তন কংগ্ৰেছ সভাপতিগৰাকীয়ে সাংবাদিকৰ সমুখত কয় যে ” আমি বিভিন্নধৰণৰ ঘটনা আৰু কাহিনী শুনি আছো কেৱল এই কাহিনীসমূহৰ পৰা কোনো ধৰণৰ সিদ্ধান্ত কৰাটো ঠিক নহব একেদৰেই সকলোখিনি কথা পূৰ্ণৰুপত নজনাকৈ এই ক্ষেত্ৰত কোনো মন্তব্য কৰাও উচিত নহয় ৷”
ৰাহুল গান্ধীয়ে আৰু কয় যে ” এই মুহুৰ্তত লাডাখ সীমান্তৰ আচল পৰিস্থিতি কি,এই সম্পৰ্কে জনসাধাৰণক বিশদভাৱে জনোৱাতো চৰকাৰৰ দ্বায়িত্ব ৷ এই বিষয়ে সঠিক কথাবোৰ তথ্য সহকাৰে চৰকাৰে নজনালে আমাৰ বাবে নিজৰ অৱস্থান স্থিৰ কৰাটো কঠিন ৷গোটেই ঘটনাপ্ৰবাহক লৈ এটা কথা স্পষ্ট যে বিষয়টোক লৈ চৰকাৰী পৰ্যায়ত স্বচ্ছতাৰ অভাৱ ৷ য’ত নেকি লাডাখ আৰু চীন দুইটাই জীৱন্ত বিষয় ৷ সেয়েহে মই এতিয়াই মন্তব্য নকৰি গোটেই বিষয়টো চৰকাৰৰ ওপৰত এৰিছো কিন্ত চৰকাৰেও বিষয়টোক লৈ স্বচ্ছতা দেখুৱাব লাগিব ৷চৰকাৰে মুকলিভাৱে কওঁক , লাডাখৰ সীমান্তত কি চলি আছে ?”
ইতিমধ্যেই সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ,পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ ওচৰৰ অঞ্চলত ইতিমধ্যেই প্ৰায় ২৫০০ সেনা মোতায়েন কৰিছে চীনৰ চৰকাৰে ৷ সমান্তৰালভাৱে বঢ়াই আনিছে অস্থায়ী কেম্পৰ সংখ্যা ৷ নাম প্ৰকাশত অনিচ্ছুক উচ্চপদস্থ সেনা বিষয়া এগৰাকীৰ মতে সেই অঞ্চলত প্ৰতিপক্ষ চীনৰ তুলনাত ভাৰতীয় সেনাৰ শক্তি যথেষ্ট বেছি ৷ যদিও বিষয়টোৰ ক্ষেত্ৰত দিল্লীৰ পৰা চৰকাৰী ভাৱে কোনো মন্তব্য প্ৰকাশ কৰা হোৱা নাই ৷
ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়াৰ উত্তৰ গৃহবিভাগে এতিয়া কেনেদৰে দিয়ে সেয়া হ’ব লক্ষণীয় ৷

Share This Article
The CrossCurrent Bureau
The CrossCurrent Bureau