লণ্ডনত উজ্বলিল পুথিচিত্ৰ

Share This Article

লণ্ডনৰ চিত্ৰ প্ৰদৰ্শনীত স্থান লাভ নগঞা শিল্পীৰ চিত্ৰকলাৰ।পুথিচিত্ৰই শুৱনি কৰিছে নেহৰু চেণ্টাৰৰ গেলাৰী।অসমৰ আন তিনি গৰাকী শিল্পীৰ পুথিচিত্ৰয়ো বুটলিছে সমাদৰ।ভাৰতৰ ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ সৈতে সংগতি ৰাখি লণ্ডনস্থিত ভাৰতৰ হাই-কমিছন আৰু এচ.এম.ডি ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত আন্তৰ্জাতিক চিত্ৰকলা মহোৎসৱত প্ৰদৰ্শিত হৈছে সাঁচিপাতত অঁকা পুথিচিত্ৰৰ লগতে কেনভাচত পুথিচিত্ৰ শৈলীত অংকিত কেইবাখনো চিত্ৰ । দেশ-বিদেশত পুথিচিত্ৰ প্ৰদৰ্শন কৰা অসমৰ পুথিচিত্ৰ শিল্পী নগাঁৱৰ সুজিত দাসে অংকন কৰা পুথিচিত্ৰই লণ্ডনৰ ‘নেহেৰু চেন্টাৰ’ত অনুষ্ঠিত চিত্র প্ৰদৰ্শনীত স্থান পাইছে । শিল্পী গৰাকীয়ে ইতিমধ্যে সময়ৰ লগত খাপ খুৱাই পুথিচিত্ৰত নিজৰ সুকীয়া চিন্তাধাৰাৰে নতুন বিষয়-বস্তুৰ সংযোজন কৰি পুথিচিত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিছে।এই প্ৰদৰ্শনীত সুজিত দাসৰ লগতে আন্তৰ্জাতিক খ্যাতিসম্পন্ন অসমৰ চিত্ৰশিল্পী মিন্টু ডেকা, প্ৰদীপ নাথ, মুকুল দুৱৰাৰ পেইণ্টিঙো প্ৰদৰ্শিত হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.