লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে হেৰুৱালে বৈতনিক চাকৰি

Share This Article

কৰোনা ভাইৰাছ আৰু তাৰ পৰিপেক্ষিতত হোৱা লকডাউনত প্ৰায় ১৮.৯ মিলিয়নে বৈতনিক চাকৰি হেৰুৱালে। এই তথ্য প্ৰকাশ পাইছে Centre for Monitoring Indian Economy সংস্থাটোৰ এক অধ্যয়নত।

সংস্থাটোৰ এই তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত এপ্ৰিল মাহত ১৭.৭ মিলিয়নে বৈতনিক চাকৰি হেৰুৱায়।মে’ মাহত এই সংখ্যাৰ লগত আৰু ০.১ মিলিয়ন যোগ হয়। যদিয়ো জুন মাহত ৩.৯ মিলিয়ন চাকৰি পুনৰ ওলায়, জুলাই মাহত পুনৰ ৫ মিলিয়নে চাকৰি হেৰুৱাই। CMIE ৰ তথ্য অনুসৰি বৈতনিক চাকৰিৰ হাৰ ২০১৯-২০ বৰ্ষৰ তুলনাত এই বৰ্ষত প্ৰায় ২২ শতাংশ কম।

ইয়াৰ বিপৰীতে অনানুষ্ঠানিক আৰু অবৈতনিক চাকৰিৰ ক্ষেত্ৰত যোৱা বছৰৰ তুলনাত ২.৫ শতাংশ চাকৰি বৃদ্ধি পাইছে। যোৱা বছৰ এই একেই সময়ছোৱাত এনে চাকৰিৰ সংখ্যা ৩১৭.৬ মিলিয়ন হোৱাৰ পৰিবৰ্তে এই বছৰত এই সংখ্যা ৩২৫.৬ মিলিয়ন হৈছে।

CMIE ৰ তথ্য অনুসৰি লোকডাউনৰ সময়ছোৱাত এপ্ৰিল মাহত সবাতোতকৈ ক্ষতিগ্ৰস্থ হৈছে ক্ষুদ্ৰ ব্যৱসায়ী , হকাৰ, আৰু দিন হাজিৰা কৰা লোকসকল। প্ৰায় ৯১.২ মিলিয়ন এনে বৃত্তিৰ লগত জড়িত লোকে যোৱা এপ্ৰিল মাহত জীৱিকাৰ উপায় হেৰুৱাব লগা হৈছিল। অৱশ্যে সংস্থাটোৱে প্ৰকাশ কৰা তথ্য অনুসৰি ইয়াৰে ১৪.৪ মিলিয়নৰ কাম মে’ মাহত, ৪৪.৫ মিলিয়নে জুন মাহত আৰু ২৫.৫ মিলিয়নে জুলাই মাহত নিজৰ জীৱিকাৰ উপায় পুনৰ ঘূৰাই পোৱা বুলি সংস্থাটোৱে সদৰী কৰে।

featured photo courtesy: National Herald

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.