সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যুঁজত অগ্ৰগতি অখিল গগৈৰ-

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে।ইতিমধ্যে কংগ্ৰেছ মহাজোঁটক চেৰ পেলাই অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে।ইয়াৰ মাজতে ভোট যুদ্ধত বিশেষ অগ্ৰগতি লাভ কৰিছে কাৰাবন্দী প্ৰাৰ্থী অখিল গগৈয়ে।শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা অখিল গগৈয়ে বৰ্তমান আঠ হাজাৰতকৈ অধিক ভোটত অগ্ৰগতি লাভ কৰিছে।অখিল গগৈৰ পিছতেই দ্বিতীয় স্থানত অৱস্থান কৰিছে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰীয়ে।
উল্লেখনীয় যে,কা বিৰোধী আন্দোলনৰ সময়তেই গ্ৰেপ্তাৰ হৈ NIA ৰ গোচৰত কাৰাবন্দী হৈছিল অখিল গগৈ।অখিল গগৈ কাৰাগাৰত থকাৰ মাজতেই তেখেতক সভাপতি হিচাপে লৈ জন্ম হৈছিল ৰাইজৰ দলৰ।ৰাইজৰ দলৰ হৈ কাৰাবন্দী নেতাজনে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল শিৱসাগৰ সমষ্টিত।উল্লেখযোগ্য যে,কংগ্ৰেছ নেতা প্ৰণৱ কুমাৰ গগৈৰ মৃত্যুৰ পিছতেই শিৱসাগৰ সমষ্টিৰ ওপৰত বিশেষ কচৰৎ আৰম্ভ কৰিছিল ৰাজনৈতিক দল সমূহে।সমগ্ৰ ৰাজ্যবাসীৰেই দৃষ্টি নিবদ্ধ হৈ থকা সমষ্টিটোৰ অন্তিম ফলাফললৈ অৱশ্যে এতিয়াও বহু সময় বাকী।

Leave A Reply

Your email address will not be published.