যদি দিয়া ইউনিফৰ্ম,লাগিব কমিছন…

Share This Article

কমিছনৰ অংকত ইউনিফৰ্ম দিয়া হোৱা নাই বিদ্যালয়ত ! ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত বিতৰণ হোৱা নাই ইউনিফৰ্ম। নিবিদা আহ্বানৰ প্ৰক্ৰিয়াতে ৰৈ গ’ল ইউনিফৰ্ম যোগানৰ প্ৰক্ৰিয়া। বিমোৰত শিক্ষক-শিক্ষাৰ্থী। কেতিয়া বিতৰণ হ’ব বিনামূলীয়া ইউনিফৰ্ম। ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ অভিযোগ- ইউনিফৰ্ম প্ৰদানৰ ব্যৱস্থাটোত নিৰ্দিষ্ট ব্যৱসায়ীক ঠিকা দিবলৈ বুলিয়েই এই বিলম্ব বুলি মন্তব্য। বিনামূলীয়া ইউনিফৰ্ম বিতৰণ নোহোৱাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও। এতিয়া প্ৰশ্ন হৈছে বিনামূলীয়া ইউনিফৰ্ম প্ৰদানৰ যি স্বচ্ছ ব্যৱস্থা সেয়া ৰৈছেগৈ নে? নতুন শিক্ষাবর্ষ আৰম্ভ হ’ল। শিক্ষাৰ্থীয়ে নাপালে ইউনিফৰ্ম। শিক্ষাৰ্থীয়ে নাপালে বিনামূলীয়া পাঠ্যপুথি।আও স্কুল চলে হম…. সকলোৰে বাবে শিক্ষা যে বাধ্যতামূলক সেই কথাটোকে বুজাবলৈ আৰম্ভ হৈছিল এই বিশেষ শ্লোগান। কিন্ত শিক্ষা এতিয়া সুদূৰ পৰাহত। বিনামূলীয়া শিক্ষা, ৰাজহুৱা শিক্ষা ব্যৱস্থা এতিয়া ধ্বংসৰ গৰাহত। আৰম্ভ হৈছে শিক্ষাবৰ্ষ। কিন্তু বিনামূলীয়া ইউনিফৰ্ম অবিহনেই আৰম্ভ হৈছে শিক্ষাবৰ্ষ! বিদ্যালয়ত পাঠ্যপুথি বিতৰণ নকৰাকৈ আৰম্ভ হ’ল শিক্ষাবর্ষ। পাঠ্যপুথি বিতৰণৰ নামত আনুষ্ঠানিকতা কৰিয়েই দায়িত্ব সামৰিলে ৰনোজ পেগুৰ শিক্ষা বিভাগে। এনেকৈয়ে এতিয়া কণ-কণ শিক্ষাৰ্থীৰ জীৱনক পণবন্দী কৰি মিথ্যাচাৰৰ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.