য’তেই প্ৰধানমন্ত্ৰী ,ত’তেই ৰাৱণৰ মূৰ্তি !

Share This Article

যিমানেই দিন বাগৰিছে,সিমানেই দেশত জোৰেৰে বলিছে নিৰ্বাচনী বতাহ৷দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন ৬ টা মাহ৷তাৰ মাজতে আকৌ ৫ খন বৃহৎ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। ইফালে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বিজেপিৰ লাগিছে খকাখুন্দা। নিজৰ নেতা নৰেন্দ্ৰ মোডীক সুৰক্ষা দিবলৈ তৎপৰতা বাঢ়িছে বিজেপিৰ। উপায়হীন বিজেপিয়ে বনাইছে প’ষ্টাৰ । নিজৰ দলৰ সামাজিক মাধ্যমৰ একাউণ্টত বনাইছে প’ষ্টাৰ । প’ষ্টাৰৰ সোঁমাজত ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ ফটোখন দি লিখিছে -দেশ ভয়ংকৰ বিপদত !নতুন যুগৰ নতুন ৰাৱণ÷-ফটোখনৰ তলত লিখিছে – এওঁ দুষ্ট,এওঁ ধৰ্ম আৰু ৰাম বিৰোধী।প’ষ্টাৰ খনৰ তলত লিখিছে -কংগ্ৰেছ দলৰ সৌজন্যত নিৰ্মাণ হৈছে এই ৰাৱণৰ আৰু এই ৰাৱণৰ নিৰ্দেশক জৰ্জ সূৰয। বিজেপি দলৰ দ্বাৰা ৰাহুল গান্ধীক ৰাৱণ সজাব খোজাৰ লগতে তেওঁ স্বভাৱগতভাৱে দুষ্ট আৰু তেওঁ ধৰ্মবিৰোধী আৰু ৰাম বিৰোধী হিচাপে দেখুৱাব বিচৰা হৈছে। তদুপৰি নিৰ্দেশক হিচাপে উল্লেখ কৰা জৰ্জ সুৰুয- এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায়ী আৰু মানৱ অধিকাৰ কৰ্মী । তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ তীক্ষ্ণ সমালোচক । সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে মুঠ ১৮ কোটি দলীয় কাৰ্যকৰ্তা থকা বুলি দাবী কৰি অহা বিশ্বৰ সৰ্ববৃহৎ দলটোৰ শোৱন খাৱন নোহোৱা কৰা ব্যক্তি হিচাপে তেওঁলোকে ৰাহুল গান্ধীক টাৰ্গেট কৰি লৈছে। ভাৰতক বিশ্বগুৰুৰ শাৰীলৈ নিয়া নৰেন্দ্ৰ মোডীও তেওঁলোকৰ দৃষ্টিত ৰাহুল গান্ধীৰ ওচৰত নিস্তেজ নিস্প্ৰভ হৈ পৰিছে৷যাৰবাবেই ৰাহুল গান্ধীৰ ভূতে বাৰুকৈয়ে খেদিছে বিজেপি দলটোৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক । প্ৰধানমন্ত্ৰী মোডীয়ে এতিয়ালৈকে উপস্থিত থকা নিৰ্বাচনী সভাবোৰত জনতাক তেওঁৰ চৰকাৰৰ খতিয়ান দিয়াৰ বিপৰীতে ৰাহুল গান্ধী আৰু গান্ধী পৰিয়ালক লক্ষ্য কৰিহে নিৰ্বাচনী ভাষণ সম্পূৰ্ণ কৰাত সফল হৈছে । প্ৰধানমন্ত্ৰী মোডীৰ ভাষণৰ মূল লক্ষ্যই হৈ পৰিছে ৰাহুল গান্ধী । ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহে ৰাহুল গান্ধীক সজাইছিল পাপ্পু । বিগত ৮ টা বছৰ মোডী-শ্বাহে ৰাহুল গান্ধীক পাপ্পু বুলি সম্বোধন কৰিয়েই সময় পাৰ কৰিলে । কিন্তু সময় সলনি হ’ল। তেওঁলোকৰ দৃষ্টিত ‘পাপ্পু’ আৰু পাপ্পু হৈ থকা নাই । পাপ্পুৰ জনপ্ৰিয়তা ক্ৰমশঃ বৃদ্ধি পাই আহিছে । আৰু পাপ্পুৰ জনপ্ৰিয়তাই এতিয়া মোডী আৰু বিজেপিৰ চিন্তাৰ কাৰণ ।বিগত বছৰৰ ৬ ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰাৰ । এই যাত্ৰাৰ অন্ত পৰিছিল কাশ্মীৰত ২০২৩ বৰ্ষৰ ২৯ জানুৱাৰীত। এই যাত্ৰাৰ সময়ত ৰাহুল গান্ধীয়ে সমাজৰ বিভিন্ন স্তৰৰ বহুত লোকক লগ পালে। বুজ ল’লে তেওঁলোকৰ সমস্যাৰ । বাস্তৱ অভিজ্ঞতাই ৰাহুল গান্ধীক পুৰঠ কৰিলে যাৰ প্ৰভাৱ শেহতীয়াকৈ ৰাহুল গান্ধীৰ প্ৰতিটো কৰ্ম কাণ্ডতেই স্পষ্ট হয় । বিগত ২৩ ছেপ্টেম্বৰত তেওঁ দিল্লীৰ আনন্দ বিহাৰ ৰে’ল ষ্টেচনত কুলীক সাক্ষাৎ কৰিছিল । বুজ লৈছিল কুলীসকলৰ সমস্যাৰ । বিগত ৭ বছৰে কুলী সকলৰ মজুৰি বৃদ্ধি হোৱা নাছিল । এটা ভিডিঅ’ত তেওঁ কৈছিল এই কুলীসকলৰ সমস্যা বহুত। তেওঁলোকে খুব সোনকালেই সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি আশাবাদী । তেওঁলোকে দৰমহা,স্বাস্থ্য বীমা একোৰে সুবিধা নাপায় । ইয়াৰ পিছতেই ভাৰতীয় ৰে’ল মন্ত্ৰালয়ে কুলীৰ মজুৰি বৃদ্ধি কৰে। এই ঘটনাই প্ৰমাণ কৰে ৰাহুল গান্ধীৰ কাৰ্যকলাপক লৈ তেওঁলোক কিমান শংকিত । সেয়ে য’তে ত’তে ৰাহুলৰ ভূতে খেদিছে বিজেপিক৷ৰাহুলক সজাইছে ৰাৱণ । কিন্তু বিজেপিয়ে হয়তো পাহৰিয়েই গৈছে ৰাৱণ আছিল মহাপৰাক্ৰমী আৰু শিৱভক্ত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.