মৰিগাঁৱত সাৰ পাবনে আছু ?

Share This Article

আজিৰে পৰা মৰিগাৱত আৰম্ভ হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন । আছুৰ এই অধিৱেশন ৰাজনৈতিক সাম্প্ৰতিক সামাজিক ৰাজনৈতিক পটভূমিত অত্যন্ত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।এহাতে অসমৰ হাজাৰ হাজাৰ চৰকাৰী বিদ্যালয়ত এফালৰ পৰা ওলমিছে তলা , আৰম্ভ হৈছে মাতৃভাষা মাধ্যমৰ শ্মশানযাত্ৰা , খোদ মুখ্যমন্ত্ৰীৰ পৰিয়ালে স্থাপন কৰিছে ইংৰাজী মাধ্যমৰ অভিলাসী বিদ্যালয় , আনহাতে ব্যাপক সাম্প্ৰদায়িকতাই ছানি ধৰিছে অসমৰ চৌদিশ , নিৰ্বাচন চমু চপাৰ লগে লগে অসমৰ আকাশ বতাহ সাম্প্ৰদায়িকতাৰ জুয়ে আবৰি ধৰাৰ উপক্ৰম হৈছে , ঠিক তেনে সময়তে মৰিগাঁৱত অনুষ্ঠিত হৈছে আছুৰ অধিৱেশন । এই অধিৱেশনত নিৰ্বাচন হ’বলগীয়া নতুন সমিতিৰ চকুৰ সন্মুখতে অনুষ্ঠিত হ’ব ২০২৪ ৰ লোকসভা আৰু ২০২৬ ৰ বিধানসভা নিৰ্বাচন । এনে প্ৰেক্ষাপটতে আছুৰ অধিৱেশন গুৰুত্বপূৰ্ণ হৈ পৰিছে । সন্দেহ নাই যে আছুৰ মূল নেতৃত্বত কোন থাকিব , সেয়া অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই স্পষ্ট হৈ পৰিছে ।আকৌ এবাৰ আছুৰ মুখ্য উপদেষ্টা পদত অধিষ্ঠিত হোৱাই নহয় , শেষ নিশ্বাস থকালৈকে আছুতেই থাকি যাব বুলি ঘোষণা কৰিছে ড: সমুজ্জ্বল ভট্টাচাৰ্যই । ড: সমুজ্জ্বল ভট্টাচাৰ্যক মনে বিচৰা পদবী উপহাৰ দি সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদবী সুৰক্ষিত কৰিছে উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই । কিন্তু এই নেতৃত্বৰ হাতত কিমান সুৰক্ষিত অসমৰ জাতীয় জীৱন ? এই প্ৰশ্নও অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে উত্থাপণ হৈছে । কিয়নো বিগত কাৰ্যকালত আছুৰ বৰ্তমানৰ নেতৃত্বই জাতীয় জীৱনৰ লগত জড়িত কোনো এটা বিষয়তে ল’ব পৰা নাই সুদৃঢ় স্থিতি । ‘কা ‘ বিৰোধী আন্দোলনক যেনেকৈ আদালতৰ মজিয়াত মোখনি মাৰিলে , তেনেকৈয়ে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন সমিতিৰ প্ৰতিবেদনক লৈও ল’লে হোহোকা পিছলা নীতি । মাতৃভাষা মাধ্যম , চৰকাৰী বিদ্যালয়ৰ মৃত্যুযাত্ৰা দেখিও নীৰৱ হৈ ৰ’ল আছুৰ বৰ্তমানৰ নেতৃত্ব ৷ আছু নেতৃত্ব কেৱল সৰৱ হ’ল বিজেপিৰ এজেণ্ডা কাৰ্যকৰী কৰিবলৈ বলবৎ কৰা সমষটি পুনৰ নিৰ্ধাৰণৰ বেলিকাহে । সেইবাবেই আছুৰ বৰ্তমানৰ নেতৃত্ব সন্দেহৰ উৰ্ধত নহয় ।আছুৰ সময়সাপেক্ষ সৰৱ ভূমিকা আৰু অধিকাংশ সময়ৰ নীৰৱতাই সমগ্ৰ নেতৃত্বক সীমাহীন প্ৰশ্নৰ মাজলৈ ঠেলি দিছে । সদৌ অসম ছাত্ৰ সন্থাই মৰিগাঁও অধিৱেশনত এই প্ৰশ্নবোৰৰ উত্তৰ দিবনে , আছুৰ প্ৰতিনিধিৰ আগত নিজৰ স্থিতি স্পষ্ট কৰিবনে ? এই বিষয়বোৰৰ বাবেই মৰিগাঁও অধিৱেশনত নিবদ্ধ হৈ থাকিব অসমবাসীৰ দৃষ্টি ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.