“মোদী জিন্দাবাদ”, “জয় শ্ৰী ৰাম” নোকোৱাৰ বাবে গুৰুলা গুৰুল কৈ পিটিলে অট’ চালকক

Share This Article

‘মোদী জিন্দাবাদ’ আৰু ‘জয় শ্রীৰাম’ নোকোৱাৰ বাবে গফৰ আহমেদ কাচাৱা নামৰ অট’ চালকক গুৰুলা গুৰুল কৈ পিটিলে দুজন ব্যক্তিয়ে।

ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হোৱা এই ঘটনাত অট’ চালক জনৰ দাঁত ভাঙি যোৱাৰ লগতে চকু আৰু মুখত আঘাত প্ৰাপ্ত হয়।

Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকতখনে প্ৰকাশ কৰা বাতৰি অনুসৰি যোৱা শুক্ৰবাৰে বিয়লি ৪ মান বজাত অট’ চালক জনে ওচৰৰে গাঁও এখনত যাত্ৰী থৈ ঘূৰি আহি থকা অৱস্থাত দুজন যুৱকে তেখেতৰ পথ আগুচি ধৰে। চালক জনৰ পৰা যুৱক দুজনে ধঁপাত বিচৰাত চালক জনে তেওঁলোকক ধঁপাত দিয়ে যদিও যুৱক দুজনে সেই ধঁপাত গ্ৰহণ নকৰে বুলি জনায় চালক জনক ‘মোদী জিন্দাবাদ’ ধ্বনি দিবলৈ দাবী কৰে।

বাতৰি কাকত খনত প্ৰকাশ কৰা অনুসৰি চালক জনে ‘মোদী জিন্দাবাদ’ ধনী দিবলৈ অমান্তি হোৱাত তেওঁলোকে চালক জনৰ ওপৰত প্ৰহাৰ কৰা আৰম্ভ কৰে। চালক জনে পলাবলৈ চেষ্টা কৰে যদিও যুৱক দুজনে তেওঁক পিছে পিছে খেদি জাগমালপুৰা নামৰ স্থানত তেখেতক ৰখাই আৰু বেয়াকৈ মাৰপিট কৰি ‘মোদী জিন্দাবাদ’ আৰু ‘জয় শ্রী ৰাম’ ক’বলৈ বাধ্য কৰে।

বাতৰিকাকত খনৰ পৰা জানিব পৰা মতে চালকজনে দিয়া FIR ৰ ভিত্তিত
ছিকাৰ জিলাৰ পুলিচে যুৱক দুজনক আটক কৰিছে। যুৱক দুজনৰ নাম আৰক্ষীয়ে জানিব দিয়া অনুসৰি শম্ভুদয়াল জাত(৩৫) আৰু ৰাজেন্দ্ৰ জাত(৩০)। আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাৰ সময়ত যুৱক দুজনে মদ্যপান কৰি আছিল

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.