মোডী মন্ত্ৰীসভাৰ সমবায় মন্ত্ৰালয়ৰ ভাগ্য লিখা আছে নেকি সর্বানন্দ সোণোৱালৰ কপালত?

মোডী মন্ত্ৰীসভাৰ কোনটো দপ্তৰৰ মন্ত্ৰী হব সর্বানন্দ সোণোৱাল?কি লিখা আছে সর্বানন্দ সোণোৱালৰ কপালত৷আজি বর্ধিত মোডী মন্ত্ৰীসভাৰ নতুন মন্ত্ৰীসকলৰ নাম ঘোষণা হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷মুখ্যমন্ত্ৰীৰ চকী হিমন্ত বিশ্ব শর্মাৰ হাতত গতাই দিয়াৰ পুৰস্কাৰ হিচাপে  এই তালিকাত সর্বানন্দ সোণোৱালৰ নাম ঘোষণা হোৱাৰো সম্ভাৱনা প্ৰবল৷আনহাতে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ চর্চা অনুসৰি মন্ত্ৰীসভাত নতুনকৈ স্থান পাব লগা সকলৰ তালিকাত প্ৰথম পাঁচটা স্থানৰ ভিতৰতে নাম সর্বানন্দ সোণোৱালৰ৷কিন্তু কি দপ্তৰৰ মন্ত্ৰীত্ব লিখা আছে সর্বানন্দ সোণোৱালৰ কপালত?

কালি ভাৰত চৰকাৰে ঘোষণা কৰিছে এটা নতুন দপ্তৰ গঠনৰ প্ৰসংগ৷সেই অনুসৰি মন্ত্ৰীসভাত সভাত সংযোজন হব Ministry of Cooperation অর্থাৎ সমবায় মন্ত্ৰালয়৷পৃথক প্ৰশাসন আৰু নীতিৰে পৰিচালিত হব লগা দপ্তৰটোৰ লক্ষ্য হব দেশৰ সমবায় ব্যৱস্থাটোক অধিক শাক্তিশালী কৰি তোলা৷উল্লেখযোগ্য যে,ইয়াৰ পূর্বেও মোডী চৰকাৰে গঠন কৰিছিল জলশক্তি নামেৰে এটা নতুন মন্ত্ৰালয়৷

চর্চা অনুসৰি সাম্ভাব্য নতুন মন্ত্ৰী তালিকাৰ পঞ্চম স্থানত আছে সর্বানন্দ সোণোৱালৰ নাম৷জ্যোতিৰাদিত্য সিন্ধিয়া, পশুপতি কুমাৰ পাৰস অথবা আৰ পি সিঙ,অনুপ্ৰিয়া পেটেল আৰু বৰুন গান্ধীৰ পিছতেই নাম আছে সর্বানন্দ সোণোৱালৰ৷এনে এক পেক্ষাপটত প্ৰশ্ন হৈছে-সর্বানন্দ সোণোৱালৰ কপালতেই লিখ আছে নেকি মোডী মন্ত্ৰীসভাৰ নতুন মন্ত্ৰালয়?সর্বানন্দ সোণোৱালৰ ভাগ্যতেই আছে নেকি সমবায় মন্ত্ৰালয়?অৱশ্যে ইয়াৰ নিশ্চিতি পাবলৈ প্ৰয়োজন নহব আৰু অধিক সময়৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296