‘মোডীৰ হৈ কাম কৰিলেই হয় ৰাজ্যপাল’

Share This Article

২০১২ চনৰ অৰুণ জেটলীৰ এক উদ্ধৃতিৰ ভিডিঅ’ আপলোড কৰি কংগ্ৰেছী সাংসদ জয়ৰাম ৰমেশে টুইট কৰিছে এনেদৰে ” অৱসৰ পাবলগীয়া ন্যায়াধীশ সকলে সদায় অবসৰৰ পিছৰ সংস্থাপনৰ কথা চিন্তা কৰি কাম কৰে।” উল্লেখযোগ্য যে ২০১৯ চনৰ অযোধ্যা ৰায়ৰ সময়ত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা এছ আব্দুল নাজীৰ দেওবাৰৰ এক নিৰ্দেশনাৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল নিযুক্ত হৈছে।ইয়াৰ পিছতেই সৰৱ হৈ উঠিছে বিৰোধী।কংগ্ৰেছ সাংসদ মাণিকাম ঠাকুৰে কয় যে যিয়ে মোডীৰ কাৰণে কাম কৰে তেওঁলোক পিছত ৰাজ্যপাল হয়।আনহাতে, কংগ্ৰেছী সাংসদ মাণিকাম ঠাকুৰে কয় ”মোডীয়ে আদানিৰ বাবে কাম কৰে,মোডীৰ কাৰণে কাম কৰা সকল ৰাজ্যপাল হয়,তেন্তে জনতাৰ কাৰণে কোনে কাম কৰিব?ভাৰত মাতা কী জয়।”বিৰোধী দল কংগ্ৰেছে আজি দেশৰ মুঠ ৬ খন ৰাজ্যৰ নৱনিযুক্ত ৰাজ্যপাল সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছে।বিজেপি নেতা বি এল সন্তোষে কংগ্ৰেছ-বাওঁ দলে ৰাজ্যপাল নিযুক্তি সন্দৰ্ভত কৰা সমালোচনাৰ প্ৰত্যুত্তৰত কয় ‘ কংগ্ৰেছ আৰু বাওঁদলে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আব্দুল নজীৰক ৰাজ্যপাল নিযুক্তিৰ বিৰোধিতা কৰিছে৷তেওঁলোকৰ মতে তেওঁৰ প্ৰধান পাপ কৰ্মটো হ’ল ৰাম মন্দিৰ বিচাৰ প্ৰক্ৰিয়াত তেওঁ গ্ৰহণ কৰা ভূমিকা।বিমুদ্ৰাকৰণ সম্পৰ্কত চলা শুনানিৰো তেওঁ সাংবিধানিক বিচাৰপীঠৰ সদস্য আছিল।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.