মৃত মাতৃক সাৱটি হিয়া ঢাকুৰিছে এটি বান্দৰে

মাতৃস্নেহ সকলোৰে থাকে৷সেয়া লাগিলে মানুহেই হওক বা আন জীৱজন্তু !মাতৃক হেৰুৱাই মৃতদেহ সাৱটি কন্দা এটা বান্দৰৰ পোৱালিৰ হৃদয়বিদাৰক দৃশ্যই সকলোকে এবাৰলৈ হ’লেও বাকৰুদ্ধ কৰি তুলিলে শুকুৰবাৰে।বঙাইগাঁও জিলাৰ কাকৈজানাত দুৰ্ঘটনাত নিহত মাতৃক সাৱটি কান্দিছে এটি কণমানি সোনালী বান্দৰৰ পোৱালিয়ে।বঙাইগাঁৱৰ কাকৈজানাত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা নামি অহা এটি দুষ্প্ৰাপ্য সোণালী বান্দৰৰ জাকে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই তীব্ৰবেগী ট্ৰাকৰ খুন্দাত নিহত হয় এটি মাতৃ সোণালী বান্দৰ।তাৰপিছৰ দৃশ্যই চকু সেমেকাই তুলিলে প্ৰতিজন হৃদয়বান লোকৰ।ঘটনাস্থলীত অভয়াপুৰী আঞ্চলিক বনবিভাগৰ লোক উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে সোনালী বান্দৰটোৰ মৃতদেহ প্ৰেৰণ কৰে।উক্ত ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত ইতিমধ্যে কেইবাটাও দুষ্প্ৰাপ্য সোণালী বান্দৰৰ মৃত্যু ঘটিছে।প্ৰতি বছৰে এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে উক্ত অঞ্চলত ।উক্ত পথছোৱাত বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ নিৰ্দেশ জাৰি কৰি ফলক আঁৰি দিয়াৰ লগতে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ যাতায়তৰ বাবে নিৰ্দ্দিষ্ট কৰিডৰ নিৰ্মাণ কৰি দিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে সেউজ মানিকপুৰ নামৰ এক এন জি অ’ৰ কৰ্মী মহিধৰ ৰায়ে ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296