মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কিয় এইসকল কোভিড যোদ্ধাক?

Share This Article

কোভিডৰ ভয়াৱহতাৰ সময়ত নিজক তুচ্ছ জ্ঞান কৰি তেওঁলোক কোভিড বিৰোধী যুদ্ধৰ সন্মুখৰ শাৰীত থিয় হৈছিল।নিজৰ জীৱনৰ প্ৰতি অহা চৰম সংশয়ক আওকাণ কৰি তেওঁলোক আনৰ জীৱন ৰক্ষাৰ যুঁজত অৱৰ্তীন হৈছিল।সংকটৰ সময়ত আনৰ জীৱন ৰক্ষা কৰা এইসকল কোভিড যোদ্ধা আজি নিজেই সংকটৰ গৰাহত।তেওঁলোক হৈছে কোভিড চিকিৎসাত নিয়োজিত ৰাজ্যৰ চাফাই কৰ্মী সকল।
২০২০ চনৰ এপ্ৰিল মাহত ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয় আৰু কোভিড কেয়াৰ চেণ্টাৰ সমূহত প্ৰায় ১৬০০ গৰাকী চাফাই কৰ্মীক নিযুক্তি প্ৰদান কৰিছিল।প্ৰথম অৱস্থাত যদিও তেওঁলোকক তিনিমাহৰ বাবে অস্থায়ীকৈ নিয়োগ কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল,পৰৱৰ্তী সময়ত নিযুক্তি প্ৰদান কৰিয়েই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাফাই কৰ্মী সকলক নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।কিন্তু ৰাজ্যত কোভিডৰ প্ৰকোপ ক্ৰমাগতভাৱে হ্ৰাস পাই অহাৰ পিছতেই,এজনকৈ এজনকৈ কোনো জাননী নিদিয়াকৈ চাফাই কৰ্মী সকলক চাকৰিৰ পৰা অব্যাহতি দিয়া হল।
শেহতীয়াকৈ ৰাজ্যত কোভিড মহামাৰী পুনৰ সক্ৰিয় হৈ পৰাৰ পৰিপ্ৰেক্ষিতত চাফাই কৰ্মী সকলে তেওঁলোকক পুনৰ নিযুক্তি দিয়াৰ দাবী জনাইছে।কিন্তু এওঁলোকৰ দাবীক নস্যাৎ কৰি চাফাই কৰ্মীৰ বাবে এতিয়া নতুনকৈ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগে।
চাফাই কৰ্মী সকলক চৰকাৰে কৰা প্ৰৱঞ্চনা ইমানতেই শেষ হোৱা নাই।গুৰুতৰ প্ৰৱঞ্চনা এয়াহে যে,এতিয়াও বহু চাফাই কৰ্মী প্ৰাপ্য বেতনৰ পৰা বঞ্চিত হৈ ৰৈছে।বেতনৰ পৰা বঞ্চিত হৈ ৰোৱা চাফাই কৰ্মীসকলৰ মাজৰ কেইবাজনো ইতিমধ্যে স্বাস্থ্যজনিত কাৰণত মৃত্যু হৈছে।চাফাই কৰ্মী হিচাপে নিয়োজিত হৈ এটা দিনৰো দৰমহা নোপোৱা তেনে এজন ব্যক্তি আছিল ধুবুৰীৰ বিলটু বাছফৰ।পাঁচ মাহ কাম কৰি এটা দিনৰো দৰমহা লাভ নকৰা চাফাই কৰ্মী বিলটু বাছফৰৰ আজি সংকটজনক ৰোগত মৃত্যু হয়।
ইয়াৰ পূৰ্বে শোণিতপুৰ জিলাৰ বাহাদুৰ দামাই নামৰ এজন চাফাই কৰ্মীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল।অন্যহাতে ধুবুৰীৰ অন্য এজন চাফাই কৰ্মীৰ মৃত্যু হৈছিল কেন্সাৰ ৰোগত।
অসম চৰকাৰে চাফাই কৰ্মী সকলক এই সংকটৰ সময়ত চকু মেলি চাবনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.