মুখ্যমন্ত্ৰীৰ ভুৱা প্ৰতিশ্ৰুতিত ক্ষোভিত জনতা

দক্ষিন নগাঁৱৰ বানবিধস্ত পথৰ আজিও মেৰামতি নহ’ল।বাৰিষালৈ মাজত মাথো দুটা মাহ।ভেকোভাওনাত
পৰিণত হোৱাৰ দিশে মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।আঠমাহেও নিৰ্মাণ নহ’ল দক্ষিন নগাঁৱৰ বানবিধস্ত পথৰ।ব্যাহত যাতায়ত ব্যৱস্থাৰ বাবে ক্ষোভ উজাৰিছে স্থানীয় লোকে।বিগত বৰ্ষৰ জুন -জুলাই মাহত নগাঁও জিলাত ভয়াৱহ বানে ব্যাপক ক্ষতি সাধন কৰিছিল।দুটাকৈ ভয়াৱহ বানত দক্ষিন নগাঁৱৰ কামপুৰ আৰু কচুৱা অঞ্চলৰ লগত সংযোগ থকা বহুকেইটা মূল পথ খহাই লৈ গৈছিল প্ৰলংকাৰী বানে।নগাঁও জিলাৰ ৰহা আৰু বঢ়মপুৰ সমষ্টিৰ মাজেৰে পাৰ হৈ যোৱা কঠীয়াতলী – কামপুৰ -কচুৱা সংযোগী পথ আৰু বৰ’কলা কামপুৰ -কচুৱা সংযোগী পথৰ আজিকোপতি স্থায়ী মেৰামতিৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে দুয়োটা সমষ্টিৰ বিধায়ক দ্বয় জিতু গোস্বামী আৰু শশী কান্ত দাসৰ বিৰুদ্ধে।উল্লেখ্য যে বানপানী শুকাই যোৱাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই পথসমূহৰ স্থায়ী মেৰামতিৰ আশ্বাস দিছিল যদিও বৰ্তমান পৰ্যন্ত মেৰামতি নকৰাৰ বাবে ৰাইজে হাঁহাকাৰ কৰিবলগীয়া হৈছে।আনফালে বাৰিষালৈ মাজত মাথোন দুই তিনিমাহ থকাৰ অৱস্থাত এই পথ সমূহৰ লগতে আন আন মাথাউৰি সমূহ মেৰামতি নোহোৱাত শংকাত পৰিছে ৰাইজ।সেয়ে বাৰিষাৰ আগে আগে এই পথ – মাথাউৰি সমূহৰ মেৰামতিৰ দাবী কৰিছে ৰাইজে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296