সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ কোন কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰৰ পথত ?

মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ বিপদত পৰিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী নাৰায়ণ ৰানেক মহাৰাষ্ট্ৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে ৷ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷নাৰায়ণ ৰানেৰ বিৰুদ্ধে মুঠ চাৰিখন এজাহাৰ ৰুজু কৰা হৈছে ৷ শিৱসেনাই দাখিল কৰা অভিযোগৰ ভিত্তিত নাছিক আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ৷ আনহাতে , ৰত্নাগিৰি আদালতত ৰানেৰ জামিন আবেদন দাখিল কৰা হৈছে ৷

বিজেপিৰ জনসমৰ্থন যাত্ৰাৰ সময়ত ৰায়গড়ত নাৰায়ণ ৰানে কৈছিল –‘মুখ্যমন্ত্ৰীয়ে দেশ কেতিয়া স্বাধীন হৈছিল  সেয়াও নাজানে ৷ভাষণ দি থকা সময়ত আনক সুধিব লগীয়া হৈছে ৷ এয়া অতি লজ্জাজনক কথা ৷মই যদি তাত থাকিলোহেঁতেন তেনেহ’লে জোৰকৈ চৰ মাৰিলোহেঁতেন ৷’

- Donation -

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে মহাৰাষ্ট্ৰৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা হয় ৷ নাছিকৰ আৰক্ষী অধীক্ষক দীপক পাণ্ডে নিৰ্দেশ দিয়া পাছতে  মঙলবাৰে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়  ৷

ইফালে , শিৱসেনাৰ সদস্যসকলে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা প্ৰতিবাদ কাৰ্যসূচীৰ সময়ত শিলগুটি দলিওৱাৰ অভিযোগো উত্থাপণ হৈছে৷

 

 

Leave A Reply

Your email address will not be published.