মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ কোন কেন্দ্ৰীয় মন্ত্ৰী গ্ৰেপ্তাৰৰ পথত ?

Share This Article

মুখ্যমন্ত্ৰীক চৰিয়াম বুলি কৈ বিপদত পৰিছে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ৷ কেন্দ্ৰীয় চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ মন্ত্ৰী নাৰায়ণ ৰানেক মহাৰাষ্ট্ৰ আৰক্ষীয়ে মঙলবাৰে আটক কৰিছে ৷ মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা প্ৰক্ৰিয়াও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷নাৰায়ণ ৰানেৰ বিৰুদ্ধে মুঠ চাৰিখন এজাহাৰ ৰুজু কৰা হৈছে ৷ শিৱসেনাই দাখিল কৰা অভিযোগৰ ভিত্তিত নাছিক আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে ৷ আনহাতে , ৰত্নাগিৰি আদালতত ৰানেৰ জামিন আবেদন দাখিল কৰা হৈছে ৷

বিজেপিৰ জনসমৰ্থন যাত্ৰাৰ সময়ত ৰায়গড়ত নাৰায়ণ ৰানে কৈছিল –‘মুখ্যমন্ত্ৰীয়ে দেশ কেতিয়া স্বাধীন হৈছিল  সেয়াও নাজানে ৷ভাষণ দি থকা সময়ত আনক সুধিব লগীয়া হৈছে ৷ এয়া অতি লজ্জাজনক কথা ৷মই যদি তাত থাকিলোহেঁতেন তেনেহ’লে জোৰকৈ চৰ মাৰিলোহেঁতেন ৷’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে মহাৰাষ্ট্ৰৰ বিভিন্ন থানাত গোচৰ ৰুজু কৰা হয় ৷ নাছিকৰ আৰক্ষী অধীক্ষক দীপক পাণ্ডে নিৰ্দেশ দিয়া পাছতে  মঙলবাৰে মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া আৰম্ভ হয়  ৷

ইফালে , শিৱসেনাৰ সদস্যসকলে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত গ্ৰহণ কৰা প্ৰতিবাদ কাৰ্যসূচীৰ সময়ত শিলগুটি দলিওৱাৰ অভিযোগো উত্থাপণ হৈছে৷

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.