মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক

Share This Article

সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু কিদৰে ডাঙৰ কাঠ বোৰ দাঙি ঘৰলৈ আনিব সেয়া লৈ চিন্তাত পৰিছিল সানাতোম্বা। এনে সময়তে ভনীয়েকে মাত দিলে – মই দাঙোনে কাঠবোৰ?প্ৰথমে বায়েক বিবুধিত পৰিল। যিবোৰ কাঠ তাই নিজে উঠাব পৰা নাই সেইবোৰ কাঠ তাইতকৈ ৪ বছৰে সৰু ভনীয়েকে কিদৰে উঠাব? কিন্তু বিকল্প কোনো উপায় নেদেখি ভনীয়েকক হ’ব বুলি সন্মতি দিলে সানাই।  সেই সৰু ছোৱালীজনী লাহে লাহে ডাঙৰ হ’ল ৷ খৰিৰ সলনি হাতত তুলি ল’লে ভাৰ ৷ আৰু আজি একেজনী ছোৱালী সমগ্ৰ দেশৰ মান স্বাভিমানৰ প্ৰতীক হৈ উজলিছে বিশ্বৰ বুকুত ৷ তেওৰ নাম মীৰাবাঈ চানু ৷ অলিম্পিকত ৰূপৰ পদজ বিজয় কৰা মণিপুৰৰ জীয়ৰী মীৰাবাঈ চানু দেশৰ দ্বিতীয়গৰাকী মহিলা এথলীট ৷তেওৰ আগত এই কৃতিত্বৰ গৰাকী হৈছিল কৰ্ণম মালেশ্বৰী  ৷অজি  টকিঅ’ অলিম্পিকত ব্যক্তিগত শাখাত দেশৰ হৈ প্ৰথমটো পদক জয় কৰিলে মীৰাবাঈ চানুৱে।  মহিলাৰ ৪৯ কিঃগ্ৰাঃৰ ভাৰউত্তোলন শাখাত ৰূপৰ পদক জয়েৰে দেশৰ নাম উজলালে চানুৱে। সৰ্বমুঠ ২০২ কিঃগ্ৰাঃ ওজনৰ ভাৰউত্তোলন কৰি এই সফলতা আজুৰি আনিলে মীৰাবাই চানুৱে।

শৈশৱত মীৰাবাঈ চানুৱে ভবা নাছিল যে তাই এদিন দেশৰ স্বাভিমানৰো ভাৰ উঠাব লাগিব ৷সৰুতে ধনুৰ্বিদ হ’ব বিচাৰিছিল মীৰাবাঈ। কিন্তু অষ্টম মানত লক্ষ্য সলনি কৰিলে ৷ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত প্ৰসিদ্ধ ভাৰউত্তোলক কুঞ্জৰাণী দেৱীৰ বিষয়ে পঢ়িবলৈ পাইছিল মীৰাবাইয়ে। সৰল ভাষাত ক’বলৈ গ’লে বৰ্তমানলৈকে কোনো ভাৰউত্তোলকে কুঞ্জৰাণীৰ সমান পদক আৰু সন্মান পোৱা নাই ।  এই কাহিনী পঢ়ি অষ্টম মানৰ মীৰাবাঈয়ে  ঠিক কৰি লৈছিল যে এদিন তাই ভাৰ উত্তোলকেই হ’ব। এনেদৰেই আৰম্ভ হৈছিল মীৰাবাঈৰ কেৰিয়াৰ ৷

কিন্তু ভবাৰ দৰে সহজ নাছিল সকলো। ভাৰউত্তোলনৰ আটাইতকৈ ওচৰৰ প্ৰশিক্ষণৰ কেন্দ্ৰটোলৈ যাবলৈয়ো মীৰাবাইয়ে অতিক্ৰম কৰিব লগা হৈছিল ৬০ কিঃমিঃ বাট। PWD ত এটা সৰু চাকৰি কৰা দেউতাক আৰু এখন সৰু দোকান চলোৱা মাকৰ বাবে সহজ নাছিল মীৰাবাঈৰ সকলো প্ৰয়োজন পূৰণ কৰাটো । কিন্তু তাতেই  যদি স্তব্ধ হৈ গ’লহেঁতেন মীৰাবাঈৰ সংগ্ৰাম , আমি আজিৰ মীৰাবাঈক দেখিলোহেঁতেননে ?

চলি থাকিল মীৰাবাঈৰ অনুশীলন। ইয়াৰ পাছত আহিল ২০১৪ চন। গ্লাছগোত অনুষ্ঠিত হ’ল কমনৱেল্থ গেমছ। আৰু এই খেলতেই লোকচক্ষুৰ নজৰলৈ আহিল মনিপুৰ কন্যা মীৰাবাঈ। এই খেলত ৰূপক পদক আজুৰি আনিলে মীৰাবাঈয়ে।

ইয়াৰ পিছতেই আহিল চন ২০১৬, ৰিঅ’ অলিম্পিক । এই অলিম্পিকৰ  নিৰ্বাচক আছিল কুঞ্জৰাণী দেৱী। সেই কুঞ্জৰাণী , যাৰ কাহিনীৰে অনুপ্ৰাণিত হৈ মীৰাবাইয়ে আৰম্ভ কৰিছিল ভাৰউত্তোলনৰ যাত্ৰা। গুৰুৰ আগত নিজৰ সমস্ত উজাৰি প্ৰদৰ্শন কৰিলে মীৰাই।  পাটিয়ালাত অনুষ্ঠিত ট্ৰায়েলতেই কুঞ্জৰাণীৰ ৰেকৰ্ড অতিক্ৰম কৰিলে মীৰাবাঈয়ে। ১২ বছৰ পুৰণি ৰেকৰ্ড ভংগ কৰি মীৰাবাঈ দেশৰ বাবে হৈ পৰিল ৰিঅ’ অলিম্পিকত পদক বিজয়ৰ অন্যতম দাবীদাৰ। কিন্তু ৰিঅ’ত সকলোৰে আশাৰ বিপৰীতে বেয়াকৈ ব্যৰ্থ হ’ল মীৰাবাঈ।

২০১৬ ৰ ব্যৰ্থতাৰ পিছত সকলোৱে ভাবিছিল ২০১৭ ৰ বৰ্ল্ড ৱেটলিফটিং চেম্পিয়নশ্বিপতো ব্যৰ্থ হ’ব মীৰাবাঈ।  কিন্তু এই খেলত সোণৰ পদক লাভ কৰি ভাৰউত্তোলনত দেশৰ ভিতৰতে দ্বিতীয়গৰাকী সোণৰ পদক লাভ কৰা এথলীট হৈ পৰিল মীৰাবাঈ চানু।

বৰ্তমান বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানত আছে মীৰাবাঈ ।  ৪ ফুট ১১ ইঞ্চি উচ্চতাৰ মীৰাবাঈতকৈ বিগত সময়খিনিত কেৱল চীনা এথলীটসকলহে অধিক ভাৰউত্তোলন কৰাত সফল হৈছিল।

এইগৰাকীয়ে মীৰাবাঈ চানু। জীৱনৰ কোনো বিপৰ্যয় আৰু ব্যৰ্থতাত ভাগি নপৰা চানু। উত্তৰ পূৰ্বৰ এই গৰাকী অপ্ৰতিৰোদ্ধ মীৰাবাঈয়ে নিজৰ অধ্যৱসায়েৰে আজি কেৱল উত্তৰ পূৱৰ তথা ভাৰতলৈ নহয় সমগ্ৰ বিশ্বত নিজৰ নাম জিলিকাই তুলিলে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.