মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ চিঠিত কি লিখিলে যুৱ-ছাত্ৰ পৰিষদে ?

Share This Article

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেহতীয়া অসম- মিজোৰাম সীমা সংঘাত সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় | পত্ৰযোগে যুৱ ছাত্ৰ পৰিষদে অসম আৰু মিজোৰামৰ  সাতামপুৰুষীয়া এনাজৰী অটুট ৰখাৰ আহ্বান জনায় |পত্ৰখনত এইদৰে উল্লেখ কৰা হয় যে জোৰাম থাংগা ডাঙৰীয়াই এই কথা জনা প্ৰয়োজন যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্য কেতিয়াও এক হৈ থকাটো নিবিচাৰে | সীমা সমস্যাটো সাংবিধানিক বিষয় বস্তু | কেবল ৰাজনৈতিকভাৱেহে ইয়াৰ সমাধান সম্ভব | মিজোৰাম চৰকাৰে তেনে নকৰি অসম আৰক্ষী আৰু সীমামূৰীয়া অসমৰ ৰাইজৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিলে , সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ তীব্ৰ গৰিহণা দিয়ে | কেৱল মিজোৰামেই নহয় , অসমৰ চুবুৰীয়া অন্য ৰাজ্যৰ সতেও অসমৰ সীমা সমস্যা দীৰ্ঘদিনীয়া আৰু সদায় এনে চুবুৰীয়া পাহাৰীয়া ৰাজ্য কেইখনৰ পৰা অসমৰ সীমান্তৰ ৰাইজেহে ভুক্তভোগী হৈ আহিছে |  মিজেৰামকে ধৰি অন্য ৰাজ্যই সীমা বিবাদটোৰ ক্ষেত্ৰত সহনশীল হোৱা উচিত | সমগ্ৰ বিষয়টোত আচলতে মিজোৰাম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচৰা উচিত আছিল | তেনে নকৰি অসম মিজোৰামৰ শেহতীয়া সংঘাতৰ পিছত মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ তৰা বিষয়টো অযুক্তিকৰ | পৰিষদে মিজোৰামৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় যে মিজোৰামকে ধৰি অন্য পাহাৰীয়া ৰাজ্য কেইখনৰ সতে অসমৰ যি সাতভনীৰ সাতামপুৰুষীয়া সম্পৰ্ক সেই সম্পৰ্ক অটুট ৰাখি এই সমগ্ৰ সমস্যাটো সমাধানৰ চেষ্টা কৰা উচিত |

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.