সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ চিঠিত কি লিখিলে যুৱ-ছাত্ৰ পৰিষদে ?

আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তৰফৰ পৰা শেহতীয়া অসম- মিজোৰাম সীমা সংঘাত সন্দৰ্ভত মিজোৰামৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰা হয় | পত্ৰযোগে যুৱ ছাত্ৰ পৰিষদে অসম আৰু মিজোৰামৰ  সাতামপুৰুষীয়া এনাজৰী অটুট ৰখাৰ আহ্বান জনায় |পত্ৰখনত এইদৰে উল্লেখ কৰা হয় যে জোৰাম থাংগা ডাঙৰীয়াই এই কথা জনা প্ৰয়োজন যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্য কেতিয়াও এক হৈ থকাটো নিবিচাৰে | সীমা সমস্যাটো সাংবিধানিক বিষয় বস্তু | কেবল ৰাজনৈতিকভাৱেহে ইয়াৰ সমাধান সম্ভব | মিজোৰাম চৰকাৰে তেনে নকৰি অসম আৰক্ষী আৰু সীমামূৰীয়া অসমৰ ৰাইজৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিলে , সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ইয়াৰ তীব্ৰ গৰিহণা দিয়ে | কেৱল মিজোৰামেই নহয় , অসমৰ চুবুৰীয়া অন্য ৰাজ্যৰ সতেও অসমৰ সীমা সমস্যা দীৰ্ঘদিনীয়া আৰু সদায় এনে চুবুৰীয়া পাহাৰীয়া ৰাজ্য কেইখনৰ পৰা অসমৰ সীমান্তৰ ৰাইজেহে ভুক্তভোগী হৈ আহিছে |  মিজেৰামকে ধৰি অন্য ৰাজ্যই সীমা বিবাদটোৰ ক্ষেত্ৰত সহনশীল হোৱা উচিত | সমগ্ৰ বিষয়টোত আচলতে মিজোৰাম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ বিচৰা উচিত আছিল | তেনে নকৰি অসম মিজোৰামৰ শেহতীয়া সংঘাতৰ পিছত মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত গোচৰ তৰা বিষয়টো অযুক্তিকৰ | পৰিষদে মিজোৰামৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় যে মিজোৰামকে ধৰি অন্য পাহাৰীয়া ৰাজ্য কেইখনৰ সতে অসমৰ যি সাতভনীৰ সাতামপুৰুষীয়া সম্পৰ্ক সেই সম্পৰ্ক অটুট ৰাখি এই সমগ্ৰ সমস্যাটো সমাধানৰ চেষ্টা কৰা উচিত |

Leave A Reply

Your email address will not be published.