মাৰাত্মক ভুল অশোক গেহলটৰ !কিন্তু কি এই ভুল?

Share This Article

শুকুৰবাৰে পুৱাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সংঘটিত কৰিলে এক অদ্ভুত কাণ্ড।উল্লেখ্য যে শুকুৰবাৰে আছিল ৰাজস্থান বিধানসভাৰ বাজেট অধিৱেশন !অধিৱেশনত উত্থাপন কৰাৰ কথা আছিল চৰকাৰৰ বাজেট।মুখ্যমন্ত্ৰী অশোক গেহলটে প্ৰায় ৭ মিনিট সময় বিগত বৰ্ষৰ বাজেটখন পঢ়ি গ’ল।গেহলটৰ এই ভুল তৰকিবই নোৱাৰিলে তেওঁ নিজে।কিন্তু বিৰোধী পক্ষই গেহলটে পঢ়ি যোৱা বাজেট শুনি বাজেট খন আগতীয়াকৈ প্ৰকাশ পোৱা বুলি লগালে হুলস্থূল। চীফ হুইপৰ হস্তক্ষেপত প্ৰায় ৮ মিনিটযোৰা ভাষণৰ অন্তত যেনিবা গেহলটে নিজৰ ভুলটো অনুধাৱন কৰিলে।ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই মুখ্যমন্ত্ৰী গেহলটক সমালোচনা কৰি কয় ‘ মই যেতিয়া মুখ্যমন্ত্ৰী আছিলোঁ,মই বাৰে বাৰে বাজেটখন পঢ়াৰ আগতে চেক কৰিছিলোঁ।আপোনালোকেই ভাৱক আমি কেনেকুৱা এজন দায়িত্বজ্ঞানহীন মুখ্যমন্ত্ৰীৰ অধীনত আছোঁ,যিজনে পুৰণি বাজেটখনকে পঢ়ি আছে,অথচ গমেই নাপায়।’বিজেপি বিধায়ক ৰাজেন্দ্ৰ ৰাথোড়ে কয় ‘মুখ্যমন্ত্ৰী’ গেহলটে আজি পুৰণি বাজেটখন পঢ়ি ৰাজস্থান বিধানসভাক উপহাস কৰিলে।’অৱশ্যে প্ৰায় আধা ঘণ্টাৰ পিছত পুনৰ অনুষ্ঠিত হ’ল বাজেট অধিৱেশন।
গেহলটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ভুলতে হ’ল।মই দুঃখিত।’উল্লেখ্য যে গেহলট চৰকাৰৰ এইখন অন্তিম বাজেট।চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থান বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।এই বাজেট অধিৱেশন প্ৰথমবাৰৰ বাবে চৰকাৰী আৰু বেচৰকাৰী কলেজবোৰত লাইভ টেলিকাষ্ট কৰা হৈছে৷আনকি সামাজিক মাধ্যমতো বাজেটৰ লাইভ টেলিকাষ্ট কৰা হৈছে।0

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.