মাত্ৰ ৭১২ টকাত ষ্টাৰ হোটেলৰ সুবিধা !

Share This Article

সময়,ব্যস্ততা,ধন,ঠাই ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে পৃথিৱীত ।সেয়ে মানুহেও কৰিছে অদ্ভুত চিন্তা।কেনেকৈ কম ব্যয়ত অধিক সুবিধা গ্ৰাহকলৈ আগবঢ়াব পাৰি তাৰ বাবে যেন চলিছে এক অবাধ প্ৰতিযোগিতা।তেনে এক প্ৰতিযোগিতাৰ বাবেই এগৰাকী ব্যক্তিয়ে লাভ কৰিলে জীৱনত কেতিয়াও লাভ নকৰা এক অভিজ্ঞতা।এটা নিশা এনে এখন হোটেলত কটাবলৈ বাচি ল’লে য’ত বিচনাৰ কাষতে আছে কমোড,বেচিন সকলো আৰু কমোডটোকেই ব্যৱহাৰ কৰা হৈছে বিচনাৰ কাষৰ টেবুল হিচাপে।হেই মাও নামৰ ভ্ৰমণবিলাসী ব্যক্তিজনৰ শেহতীয়াকৈ বাৰুকৈয়ে লটিঘটি হ’ল।বছৰটোৰ অধিক সময় ঘূৰি ফুৰি ভালপোৱা হেই মাৱে অনলাইনত হোটেলৰ সন্ধান কৰিছিল আৰু তেতিয়াই তেওঁৰ চকুত পৰিল এখন মাইক্ৰ হোটেলৰ বিজ্ঞাপন৷হেই মাওৰ ঘৰ চীনত।মধ্য চীনৰ য়ুনান প্ৰদেশত আছে এই হোটেলখন ।নতুন ধৰণৰ হোটেল দেখি আগ্ৰহ বাঢ়িল হেই মাওৰ ।তেওঁৰ ধাৰণা আছিল হোটেলখন যথেষ্ট ব্যয়বহুল হ’ব কিন্তু মাইক্ৰ হোটেলৰ এটা ৰাতিৰ ভাড়াই তেওঁক হতচকিত কৰিলে,ভাড়া মাত্ৰ ৬০ ইউনান অৰ্থাৎ ভাৰতীয় মূল্যত ইয়াৰ মূল্য মাত্ৰ ৭১২টকা।ইমান কম ভাড়া বুলি জানি হেই মাওৱে হোটেল অনলাইনতে বুক কৰি উপস্থিত হ’লগৈ য়ুনানত৷ভিডিঅ’ কৰি ব্লগ বনোৱাটো তেওঁৰ পেশা।সেয়ে গোটেই হোটেলখনৰে এটা ব্লগ বনালে।হেই মাওৱে কয় ‘ মাইক্ৰ হোটেলৰ প্ৰতিটো কোঠা মাত্ৰ ৮ বৰ্গ ফুটৰ ৷হোটেলৰ বাহিৰত এখন দীঘল বাৰাণ্ডা আছে।এজন ব্যক্তিৰ এটা দিন উদযাপনৰ বাবে প্ৰয়োজনীয় সকলো সুবিধা আছে সেই সৰু কোঠাটোত।’কিন্তু কোঠাৰ ভিতৰত তেওঁ প্ৰত্যক্ষ কৰিলে এক অদ্ভুত দৃশ্য।বিচনাৰ একেবাৰে কাষতে আছে এটা কমোড।এই কমোডৰ ওপৰতে আছে এটা পানীৰ বটল,চৰবতৰ বটল,গিলাচ আদি৷বেডৰুম,বাথৰুম,ডাইনিং ৰুম,শৌচালয় সকলো সেই ৮ বৰ্গফুটৰ কোঠালিটোতেই আছে।তদুপৰি এয়াৰ কণ্ডিচনাৰ,মুখ ধোৱাৰ বেচিন,আইনা,কাপোৰ ওলমোৱাৰ স্থান আদিও আছে সেই একেই কোঠাতেই।অৱশ্যে গোটেই দিনটোৰ বাবে হোটেলখন বুক কৰিলেও তেওঁ কিন্তু তাত মাত্ৰ ৩ ঘণ্টাহে থাকিল।
তেওঁৰ মতে তেওঁ কোঠাটোত কিবা এটা গোন্ধ পাইছিল।আনহাতে,ৰেড ষ্টাৰ নিউজক দিয়া এক সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁৰ হোটেলখন যথেষ্ট জনপ্ৰিয় হৈছে৷তেওঁৰ হোটেললৈ বহুতো লোক থাকাবলৈ আহে।এই মাইক্ৰ হোটেলৰ কাষতে আছে এখন চিকিৎসালয়৷সেয়ে বহু সংখ্যক ৰোগী ,ৰোগীৰ আত্মীয় তথা পৰীক্ষাৰ্থী আহে হোটেলখনলৈ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.