মাকক ‘ছাৰপ্ৰাইজ’ দিব নোৱাৰিলে ঋষভে

মাকক নৱবৰ্ষৰ ছাৰপ্ৰাইজ দিবলৈ গৈছিল ঋষভ পণ্ট।ঘৰ গৈ পাবলৈ ১০ কিলোমিটাৰ থাকোতেই ক্ৰিকেটাৰ ঋষভ পণ্ট ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয়।আহত ঋষভ পণ্টক উদ্ধাৰ নকৰি প্ৰত্যক্ষদৰ্শীয়ে সংগ্ৰহ কৰিলে দুৰ্ঘটনাৰ ভিডিঅ’হে।ভস্মীভূত বিলাসী বাহন মাৰ্চিডিজৰ পৰা টকা সংগ্ৰহ কৰাত ব্যস্ত হ’ল স্থানীয় লোক।মৃত্যুৰ সৈতে যুঁজি অকলেই গাড়ীৰ গ্লাছ ভাঙি ওলাই অহাৰ আপ্ৰাণ চেষ্টা ক্ৰিকেটাৰ গৰাকীৰ ।দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা ক্ৰিকেটাৰ ঋষভ পণ্টৰ।শুকুৰবাৰে পুৱা ভাৰতীয় ক্ৰিকেট দলৰ এজন সুদক্ষ খেলুৱৈ ঋষভ পন্টৰ আকস্মিক পথ দুৰ্ঘটনা সংঘটিত হয় উত্তৰাখণ্ডত । ঘণ্টাত ১৫০ কিলোমিটাৰ বেগত গৈ থকা বিলাসী বাহন মাৰ্চিডিজ নিজেই চলাইছিল ক্ৰিকেটাৰ গৰাকীয়ে।ঘৰ অভিমুখে গৈ থকা ঋষভে উত্তৰাখণ্ডৰ ৰুৰকীৰ এক পথত পুৱা ৫.৩০ বজাত ডিভাইদাৰত খুন্দা মৰাৰ ফলত ঠাইতে ভাঙি থনবান হৈ পৰে মাৰ্চিডিজ বাহনখন। অগ্নিকাণ্ডত ভস্মীভূত হৈ পৰে বাহনখন। উল্লেখ্য যে ঘৰ অভিমুখে আহি আছিল ক্ৰিকেটাৰ গৰাকী। মাকৰ বাবে লৈ আহিছিল নৱবৰ্ষৰ উপহাৰ । কিন্তু চাৰপ্ৰাইজ দিয়াৰ পূৰ্বেই দুৰ্ঘটনাত পতিত হয় ২৫ বছৰীয়া ক্ৰিকেটাৰ গৰাকী । কিন্তু মন কৰিবলগীয়া যে দুৰ্ঘটনাৰ সময়ত যিসকল প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকে প্ৰথম অৱস্থাত আঘাতপ্ৰাপ্ত ঋষভ পন্টক সহায় কৰা নাছিল৷বৰঞ্চ ব্যস্ত হৈছিল ভিডিঅ’ তাৰ সমান্তৰালকৈ সংগ্ৰহ কৰিছিল বাহন খনৰ পৰা ওলাই পৰা চেদেলি ভেদেলি নোট। যি ঘটনাই সেই অঞ্চলৰ মানুহৰ অমানৱীয় পৰিচয় দিছিল ।মৃত্যুৰ সৈতে যুঁজি আহত ঋষভ পন্টে নিজেই বাহন খনৰ গ্লাছ ভাঙি ওলাই অহাৰ চেষ্টা কৰিছিল । তাৰ পৰবৰ্তী পৰ্যায়তহে স্থানীয় লোকৰ তৎপৰতাত আহত ক্ৰিকেটাৰ গৰাকীক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হয়।অৱশ্যে বৰ্তমান ঋষভ পণ্টৰ স্বাস্থ্য যথেষ্ট উন্নত হৈছে আৰু অধিক উন্নত চিকিৎসাৰ বাবে বৰ্তমান ডেৰাডুনলৈ লৈ যোৱা হয়।২৫ বছৰীয়া ভাৰতীয় ক্ৰিকেট দলৰ সুদক্ষ ক্ৰিকেটাৰ গৰাকীৰ দুৰ্ঘটনাৰ খবৰে দেশ বাসীক মৰ্মাহত কৰিছে। সকলোৱে আশা কৰিছে ক্ৰিকেটাৰ গৰাকী সোনকালেই সুস্থ হৈ উঠক।বহুতে সামাজিক মাধ্যমত ঋষভ পণ্টৰ সুস্বাস্থ্য কামনা কৰিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296