মহিলা বিধায়ক কিয় নাই নাগালেণ্ডত?

নাগালেণ্ড ৰাজ্য গঠন হোৱা ৬০ টা বছৰ সম্পূৰ্ণ হ’ল৷১৯৬৩ চনতে নাগালেণ্ডে ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল।কিন্তু আশ্চৰ্যজনকভাৱে ৰাজ্যখনত এতিয়ালৈকে এগৰাকীও মহিলা বিধায়ক নাই।২০১৯ চনৰ তথ্য অনুসৰি নাগালেণ্ডত মুঠ ভোটাৰ আছে ১৩ লাখ ১৭ হাজাৰৰো অধিক৷ নাগালেণ্ডত মুঠ ৪৯.৭৯% পঞ্জীয়নভুক্ত মহিলা ভোটাৰ আছে৷অৰ্থাৎ ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ সম্পূৰ্ণ আধা সংখ্যকেই মহিলা ৷কিন্তু তাৰপিছতো ৰাজ্যখনৰ বিধানসভাত আজিলৈকে এগৰাকী মহিলায়ো বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নাই।এতিয়ালৈকে ৰাজ্যখনত মুঠ ১৪ বাৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷কিন্তু ইয়াৰ পিছতো এগৰাকীও মহিলা বিধায়ক নিৰ্বাচিত হোৱা নাই ৰাজ্যখনত। অহা ২৭ ফেব্ৰুৱাৰীত ৰাজ্যখনত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।নাগালেণ্ডত এই নিৰ্বাচনত চাৰিগৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে।ইয়াৰে NDPP ৰ পৰা দুগৰাকী,কংগ্ৰেছ দলৰ পৰা এগৰাকী আৰু বিজেপিৰ পৰা এগৰাকীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে।আহাতে,মুঠ ১৮০ জন পুৰুষে প্ৰাৰ্থিত্ব আগবঢ়াইছে এই নিৰ্বাচনত।২০২২ চনত ৫৭ বছৰীয়া চেমা নামৰ মহিলাগৰাকীয়ে ৰাজনীতিত যোগদান কৰিছিল।চেমা আছিল নাগালেণ্ডৰ পি ডাব্লিউ ডিপাৰ্টমেণ্টৰ চুমি সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা অভিযন্তা।উল্লেখ্য যে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ এক বাতৰি অনুসৰি নাগালেণ্ড বিধানসভাৰ নিৰ্বাচনত মহিলাই প্ৰাৰ্থিত্ব লাভ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান।২০১৭ চনত নাগালেণ্ড চৰকাৰে স্থানীয় নিকায় নিগমৰ নিৰ্বাচনত ৩৩% আসন মহিলাৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছিল ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভয়ানক প্ৰতিবাদে গা কৰি উঠিছিল।আনকি ২গৰাকী প্ৰতিবাদকাৰীয়ে মৃত্যুক সাৱটিবলগীয়া হৈছিল৷নাগালেণ্ডৰ জনতাই অতীজৰে পৰা বিশ্বাস কৰে যে মহিলাই কোনো সিন্ধান্ত ল’ব নোৱাৰে সেয়ে তেওঁলোকে মহিলাৰ প্ৰতিনিধিত্ব মানি লোৱা নাছিল।কিন্তু বিগত মাহত নাগা মাডাৰছ এছ’চিয়েছনে সকলো ৰাজনৈতিক দলকে মহিলাক প্ৰাৰ্থিত্ব প্ৰদানৰ আহ্বান জনাইছিল।মহিলা বিধায়ক নাগালেণ্ডৰ বিধানসভাত নথকা বিষয়টো উল্লেখ কৰি নাগা মাডাৰছ এছ’চিয়েছনৰ সভানেত্ৰী ৰ’জমেৰী জুভিচুৱে কয় ‘ সৰহ সংখ্যক মহিলাই নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়ায় অথবা দলৰ তৰফৰ পৰা অন্তিম মুৰ্হুতত প্ৰাৰ্থিত্ব প্ৰদান কৰা হয়।প্ৰাৰ্থীগৰাকী জয়ী হোৱাৰ বিষয়টো একেবাৰে গুৰুত্ব দিয়া নহয়।কাক প্ৰাৰ্থিত্ব দিব সেইটোও কেৱল পুৰুষ সকলেই সিন্ধান্ত লয়,আমাক এই বিষয়ত অলপো গুৰুত্ব দিয়া নহয়।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296