Investigative reporting with dedication.

মহাৰাষ্ট্ৰ চৰকাৰৰ নতুন নিৰ্দেশনা। চৰকাৰী কৰ্মচাৰীৰ পোছাক পৰিধানৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে উদ্ধৱ থাকৰে চৰকাৰে। কৰ্মক্ষেত্ৰলৈ এতিয়াৰে পৰা জীনছ, টি-চাৰ্ট পৰিধান কৰি আহিব নোৱাৰিব কৰ্মচাৰীসকলে। তাৰ পৰিৱৰ্তে নতুন নিৰ্দেশনা অনুসৰি মহিলা কৰ্মচাৰীসকলে শাৰী, চেলোৱাৰ অথবা ট্ৰাউজাৰৰ সৈতে কুৰ্তা পৰিধান কৰিব পাৰিব। সেইদৰে জকমকীয়া ছবি থকা পোছাকো পৰিধান কৰিব নোৱাৰিব। কৰ্মক্ষেত্ৰত শ্লিপাৰ পিন্ধি অহাটোও নিষিদ্ধ কৰা হৈছে।মহিলাসকলে ছেণ্ডেল বা জোতা পিন্ধিহে কৰ্মক্ষেত্ৰলৈ আহিব পাৰিব। সেইদৰে পুৰুষ কৰ্মচাৰীসকলকো জোতা বা ছেণ্ডেল পৰিধান কৰাৰ অনুমতি প্ৰদান কৰিছে চৰকাৰে ।সপ্তাহৰ প্ৰতি শুকুৰবাৰে খাদী পোছাক পৰিধান কৰি অহাৰ নিৰ্দেশ দিছে। সকলোকে মাৰ্জিত পোছাক পৰিধান কৰি আহিবলৈ নিৰ্দেশনা জাৰি কৰিছে।




