সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মহাৰাষ্ট্ৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰী নৱাব মালিকক কিয় গ্ৰেপ্তাৰ কৰিলে ইডিয়ে?

ৰাজপথতফটকা ফুটাই বিজেপি কর্মীয়ে হর্ষোল্লাষ কৰিছে মহাৰাষ্ট্ৰত৷কাৰণ ৫ ৰাজ্যৰ নির্বাচনৰ চতুর্থ পর্যায়ৰ নির্বাচনৰ দিনাই আহিল এটা বিগ ব্ৰেকিং ৰাজনৈতিক বাতৰি৷সেইয়া হৈছে,ইডিয়ে গ্ৰেপ্তাৰ কৰিলে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী নবাব মালিকক৷
গ্ৰেপ্তাৰ হৈছে মহাৰাষ্ট্ৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰী মৱাব মালিকক গ্ৰেপ্তাৰ কৰে ইডিয়ে৷নেচনেলিষ্ট কংগ্ৰেছ পার্টিৰ নেতাজনৰ বিৰুদ্ধে অভিযোগ,আন্ডাৰ ৱর্ল্ড ডন ডাউড ইব্ৰাহিমৰ লগত সম্পর্ক আছে নৱাব মালিকৰ৷ডাউড ইব্ৰাহিমৰ ভাতৃ ইকবাল কাস্কৰৰ মুখত উচ্চাৰিত হৈছিল নৱাব মালিকৰ নাম৷
বুধাবাৰে পূৱা ৭ বাজি ৪৫ মিনিটত এডিয়ে আটক কৰিছিল নৱাব মালিকক৷ইডিৰ অভিযোগ,ইডিৰ মুম্বাইস্থিত জেৰা কালত সহযোগিতা কৰা নাছিল নৱাব মালিকে৷তাৰপিছতেই ইডিয়ে গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় নৱাব মালিকক৷আৰু গ্ৰেপ্তাৰৰ পিছত ইডিয়ে গ্ৰেপ্তাৰৰ পিছতেই কার্যালয়ৰ পৰা নৱাব মালিকক লৈ অনাৰ দৃশ্য৷
উল্লেখনীয় যে,বিগত বর্ষৰ ন নবেম্বৰত নৱাব মালিকৰ আন্ডাৰৱর্ল্ডৰ লগত সম্পর্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফার্নাব্ৰিজে৷অভিযোগ আনিছিল,যে ডাউড ইব্ৰাহিমৰ গেংৰ পৰা বিশাল ভূমি ক্ৰয় কৰিছিল নৱাব মালিকে৷আনহাতে ডাউড ইব্ৰাহিমৰ ভাতৃ,ইকবাল কাস্কৰো বর্তমান আছে ইডিৰ জিম্মাত৷দৈনিক ভাস্কৰৰ এক বাতৰি অনুসৰি,ইকবাল লস্কৰৰ পৰা ইডিয়ে উদ্ধাৰ কৰা ভূমি হস্তান্তৰৰ এক নথিত নৱাব মালিক মালিকাধীন কোম্পানীৰ সম্পর্কৰ তথ্য লাভ কৰিছে৷
কিন্তু নৱাব মালিকৰ গ্ৰেপ্তাৰৰ পিছতেই দেশৰ ৰাজনীতিত আৰম্ভ হৈছে তীব্ৰ বিতর্ক৷মহাৰাষ্ট্ৰ কংগ্ৰেছে এই ঘটনাক নিম্নখাপৰ ৰাজনীতি বুলি আখ্যা দিছে৷অভিযোগ আনিছে কেন্দ্ৰীয় সংস্থাসমূহে জনসাধাৰণৰ ওপৰত অত্যাচাৰ নমাই আানিছে৷আনহাতে বিজেপিয়ে নৱাব মালিকক কেবিনেটৰ পৰা নিলম্বনৰ দাবী জনাইছে৷শিভসেনাৰ অভিযোগ,বিজেপি চৰকাৰৰ বিৰুদ্ধে যিয়েই মাত মাতিবলৈ যায়,কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা তাৰেই কন্ঠ ৰোধৰ চেষ্টা চলোৱা হয়৷তাৰেই উদাহৰণ নৱাব মালিক৷কিয় ইডিয়ে সদায় বিৰোধীক গ্ৰেপ্তাৰ কৰে?বিজেপি নেতাৰ বিৰুদ্ধে তেনে কোনো অভিযোগ নায়েই নেকি?আনহাতে এনচিপি নেতা শৰদ পাৱাৰে নৱাব মালিকৰ গ্ৰেপ্তাৰ সন্দর্ভত কয়,যে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰা হৈছে৷নৱাব মালিকৰ কন্ঠৰুদ্ধ কৰিবলৈ অন্য একো ইচ্চ্যু নাছিল৷সেইবাবে নাম লোৱা হল ডাউড ইব্ৰাহিমৰ৷একেই ঘটনা ঘটিছিল মোৰ লগতো৷আনহাতে শিভসেনাৰ মুখপাত্ৰ প্ৰিয়ংকা চর্তুবেদীয়ে নৱাব মালিকৰ গ্ৰেপ্তাৰৰৰ উত্তৰ প্ৰদেশৰ নির্বাচনৰ লগত সম্পর্ক আছে বুলি দাবী কৰিছে৷
নৱাব মালিকৰ গ্ৰেপ্তাৰক লৈ ৰাজনীতিত তুমুল বিতর্ক অব্যাহত থকাৰ মাজতে ইডিৰ কার্জালয়ৰ সন্মুখত ভিৰ কৰিছেহি এনচিপিৰ অগনন কর্মীয়ে৷সমান্তৰালভাবে ইডিৰ কার্যালয়ৰ সন্মুখত মোতায়ন কৰা হৈছে বিশাল নিৰাপত্তৰক্ষী৷তাৰমাজতে ৰাজপথত ফতকা ফুটাই হর্ষোল্লাখ কৰা দেখা গৈছে বিজেপি কর্মীক৷উল্লেখনীয় যে,সততে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ থকা মহাৰাষ্ট্ৰ চৰকাৰ অংশীদাৰী দল এনচিপি নেতা নৱাব মালিকৰ গ্ৰেপ্তাৰক সহজভাৱে লোৱা নাই ৰাজনৈতিক মহলে৷ দলটোৰ কেন্দ্ৰীয় নেতৃত্বই এই ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে৷ ইপিনে, মাত্ৰ দুদিন পূৰ্বে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি ৰাওৱে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰিছিল৷ দেশত বিজেপিবিৰোধী ঐক্য গঠনৰ বাবে কে চি ৰাওৱে থাকৰেক সাক্ষাৎ কৰিছিল৷
দ্য ক্ৰছকাৰেন্ট বুলেটিনত দিনটোৰ বাতৰি৷ড়আজি উত্তৰ প্ৰদেশ নির্বাচনৰ চতুর্থ পর্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়৷বিয়লি ৫ পাচ বজালৈ ৫৭.৪৫ শতাংশ ভোটাৰে সাব্যস্ত কৰা ভোটাধিকাৰ৷৯ খন জিলাৰ মুঠ ৫৯ টা সমষ্টিত আজি অনুষ্ঠিত হয় ভোটগ্ৰহন৷উল্লেখনীয় আজি ভোট গ্ৰহন অনুষ্ঠিত হ্য় ৰাজ্যখনৰ লখিমপুৰতো৷লখিমপুৰতেই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বাহেনে খুন্দিয়াই নিছিল প্ৰতিবাদী কৃষকক৷সেই সমষ্টিৰ পৰাই উত্তৰ প্ৰদেশ নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সংযুক্ত কিচান মর্চাই আৰম্ভ কৰিছিল মিচন ইউপি৷এই অভিযানত বিজেপিক ভোট নিদিবলৈ প্ৰচাৰ চালইছিল বিদ্ৰোহী কৃষক সংগঠনে৷আজি লখিমপুৰত ভোটদানৰ হাৰ আছিল সব্বোর্ছ৷আনহাতে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰই ভোটদান দিবলৈ যাওতে নিয়োগ কৰা হয় বিশাল পৰিমাণৰ নিৰাপত্তাৰক্ষী৷অন্যহাতে উন্নাওৰ বিভিন্ন অঞ্চলত ভোটাৰে বর্জন কৰিলে ভোটদান৷
আহিছো বিশ্বক অস্থিৰ কৰি ৰখা বাতৰিটোলৈ৷ৰাছিয়াই ইউক্ৰেইনৰ দুই প্ৰদেশ স্বাধীন কৰাৰ পিছতেই বিশ্বৰ ৰাজনীতিত সৃষ্টি হৈছে উত্তেজনা৷আমেৰিকাই ইংগিত প্ৰদান কৰিছে যুদ্ধৰ৷আনহাতে অষ্ট্ৰেলিয়াৰ প্ৰধামন্ত্ৰীয়ে দাবী কৰিছে,আগন্তুক ২৪ ঘন্টাৰ ভিতৰতেই ৰাছিয়াই আক্ৰমণ কৰিব ইউক্ৰেইন৷তাৰমাজতে কেইবাখনো পশ্চিমীয়া ৰাষ্ট্ৰই নিষেধাজ্ঞা জাৰি কৰিছে ৰাছিয়াৰ ওপৰত৷উল্লেখনীয় যে যিকোনো মূহুত্বতে ইউক্ৰেইনত জাৰাই হভ পাৰে জৰুৰীকালীন অৱস্থা৷আনফালে ইউক্ৰেইন ৰাছিয়াৰ সংঘাতকলৈ ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বাবেও সমালোচনাৰ সন্মুখীন হঐছে ভাৰত৷ভাৰতৰ বহু নাগৰিক আৰু শিক্ষার্থী বাহৰ পাতি আছিল ইউক্ৰেইনত৷ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ আশংকা বৃদ্ধি পোৱাত ১৪ ফেব্ৰুৱাৰীত ভাৰতীয় এম্বেছীয়ে ফেচবুকত এক অধিসূচনা জাৰি কৰি ইউক্ৰেইনত আবদ্ধ ভাৰতীয় লোকসকলক অস্থায়ীৰূপে ইউক্ৰেইন ত্যাগ কৰিবলৈ আহ্বান জনাইছিল।কিন্তু ইউক্ৰেইনত আবদ্ধ ভাৰতীয় নাগৰিকৰ প্ৰত্যবত্তনত ভাৰত চৰকাৰৰ সহাৰি নোপোৱাৰ অভিযোগ আনিছে এতিয়া বহুতেই৷প্ৰজ্জল তীয়াৰী নামৰ এজন ছাত্ৰই দৈনিক ভাস্কৰক দিয়া ভাষ্য অনুসৰি এই বিপদকালীন পৰিস্থিতিত ভাৰতে কোনো সহায়ৰ হাত আগবঢ়োৱা নাই ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীসকলৰ প্ৰতি। ছাত্ৰজনে জনায় যে তাৰ পৰৱৰ্তী সময়ত ভাৰতীয় এম্বেছীলৈ ৫০০ৰো অধিক ইমেইল প্ৰেৰণ কৰে যদিও কোনো নিশ্চিত সঁহাৰি তেওঁলোকে এতিয়ালৈ পোৱা নাই। এম্বেছীয়ে মাথো বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্কত আছে বুলিহে জানিব দিয়ে এক ইমেইল যোগে। ৷
আন এটা আন্তৰাষ্ট্ৰীয় বাতৰি৷পাকিস্তানৰ প্ৰধামন্ত্ৰী ইমাৰান খানৰ মন,ভাৰতৰ প্ৰধানমন্ত্ৰীৰ লগত টেলিভিচন বির্তকত বহাৰ৷ইউক্ৰেইন ৰাছিয়াৰ সংঘাতৰ সময়তে ৰাছিয়া ভ্ৰমণ কৰে ইমৰান খানে৷ৰাছিয়াত সাংবাদিকৰ আগত এক মন্তব্য কৰি ইমৰান খানে কয়,ভাৰতৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত মই এটা টেলিভিচন বিতর্কত বহিব খোজো৷এই বিতর্কই দুই ৰাষ্ট্ৰৰ বহু সমস্যা সমাধান কৰিব৷উপকৃত হব দুই ৰাষ্টৰ কোটি কোটি জনতা৷পাকস্তানৰ প্ৰধামন্ত্ৰীৰ এই বক্তব্যৰ পিছতেই ভাৰতৰ সংবাদ মাধ্যমক কটাক্ষ কৰি মন্তব্য কৰে শশী থাৰুৰে৷শশী থাৰুৰে এক টুইটত কয়,সেই কামটো সংবাদ মাধ্যমে সমাধান কৰিব নোৱাৰে৷তাৰ সলনি তৃতীয় যুদ্ধ হলেহে ভাল পাব একাংশ সংবাদ মাধ্যমে৷তৃতীয় যুদ্ধ হলেই বাঢ়িব টেলিভিচনৰ টিআৰপি৷

- Donation -

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আদালতৰ চমন।২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ CJM আদালতত হাজিৰৰ নিৰ্দেশ হিমন্ত বিশ্ব শর্মাক।২০১৯ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী বিধি ভংগৰ অভিযোগত ৰুজু হৈছিল গোচৰ।নিৰ্বাচনী আয়োগৰ গোচৰত এই চমন জাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।প্ৰচাৰৰ সময় শেষ হোৱাৰ পিছতো চেটেলাইট চেনেলত সাক্ষাৎকাৰ দিয়াৰ অভিযোগ।প্ৰদেশ কংগ্ৰেছে নিৰ্বাচন আয়োগক দিছিল এই সন্দৰ্ভত অভিযোগ।এই অভিযোগৰ ভিত্তিতেই আদালত প্ৰতিবেদন দিছিল নিৰ্বাচন আয়োগে।
২৫ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ আগমনক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি। ৰাষ্ট্ৰপতিৰ অৱতৰণৰ বাবে বোকাখাত ৰাজহুৱা খেলপথাৰত নিৰ্মাণ কৰা হৈছে অস্থায়ী হেলিপেড।
আজি প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে বোকাখাতত উপস্থিত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত। দুয়োগৰাকী প্ৰশাসনীয় বিষয়া উপস্থিত হৈ সমগ্ৰ পৰিৱেশ তথা প্ৰস্তুতি পৰ্য্যবেক্ষণ কৰে। ইয়াৰ পিছতেই দুয়োজন ৰাওনা হয় কাজিৰঙালৈ ।
উল্লেখনী্য যে,২৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জাৰি কৰা হৈছে বিশেষ নিৰ্দেশনা। AT ৰোড, MG ৰোড, তৈয়বুল্লা পথ, বি বৰুৱা ৰোড, GS ৰোড, পাঞ্জাবাৰী ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল। ২৫ ফেব্ৰুৱাৰীত কামাখ্যা দৰ্শনৰ বাবে মালিগাঁও হৈ নতুনকৈ বনোৱা পথেৰে যাব লাগিব। পুৱা ৬.৩০ৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা প্ৰযোজ্য হ’ব।

Leave A Reply

Your email address will not be published.