মমতাৰ মোহিনীয়ে কামত দিবনে মেঘালয়ত?

মেঘালয়ত অহা ২৭ ফেব্ৰুৱাৰীত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপি,NPP,কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছে নিৰ্বাচনী প্ৰচাৰ চলোৱাত অলপো ত্ৰুটি কৰা নাই।উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ ভিতৰত মেঘালয়ত মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ স্থিতি সবল।প্ৰাক্তন মু্খ্যমন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত তৃণমূল কংগ্ৰেছে দলটোৰ ভেঁটি ৰাজ্যখনত কিছু পৰিমাণে সবল কৰিবলৈ চেষ্টা কৰিছে।বুধবাৰে এখন নিৰ্বাচনী সভাত অংশ লৈ মমতা বেনাৰ্জীয়ে কেন্দ্ৰীয় চৰকাৰক সমালোচনাৰে থকাসৰকা কৰে।ৰাজ্য চৰকাৰে কিমান দিন কি কৰিলে বুলি প্ৰশ্ন কৰি মমতা বেনাৰ্জীয়ে কয় যে মেঘালয়ত বৰ্তমান এনেকুুৱা অৱস্থা যে সৰু ৰোগ এটা হ’লেও ৰোগীক শ্বিলং অথবা গুৱাহাটীলৈ নিবলগীয়া হয়।ৰাস্তা-পদূলিৰ অৱস্থা তথৈবচ।তৃণমূল নেত্ৰী গৰাকীয়ে লগতে কয় ‘ মেঘালয়ৰ মানুহৰ বাবেহে মেঘালয়।বাহিৰৰ লোকে যদি শাসন কৰে তেন্তে কেতিয়াবা CAA জাপি দিব,কেতিয়াবা NRC জাপি দিব।পশ্চিমবংগত আমি সকলো মিলি থাকোঁ।কিন্তু এদিনো আমাক শান্তিৰে থাকিবলৈ দিয়া নহয়,এদিন যদি চিবিআই,এদিন ইডিক পঠিওৱা হয়।মমতা বেনাৰ্জীয়ে লগতে কয় ‘ পশ্চিম বংগ হ’ল লক্ষ্মীৰ ভাণ্ডাৰ।আমাৰ ৰাজ্যত এগৰাকী মা অথবা ভণ্টিয়ে ৫০০ ৰ পৰা ১০০০ টকাকৈ মাহে লাভ কৰে।৬০ বছৰ বয়স হ’লে মাহে ১০০০ টকাকৈ দিয়া হয়৷আমি বিনা পইচাত ৰেচন,দিওঁ৷বিনামূলীয়া শিক্ষা,সংখ্যালঘু সকলৰ বাবে বিশেষ জলপানিৰ ব্যৱস্থা কৰিছোঁ।মেঘালয়তো আমি শাসনলৈ আহিলে সকলো সুবিধা আগবঢ়াম।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296