মন্ত্ৰী জয়ন্ত মল্লৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ

Share This Article

হাইলাকান্দি জিলাত জল জীৱন মিছন প্ৰকল্প ৰূপায়ণত ব্যাপক দুৰ্নীতি। AJYCP ৰ প্ৰতিবাদত জানকী বজাৰত ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তথা হাইলাকান্দিৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল পুত্তলিকা দাহ ।আজি জানকী বজাৰৰ মাজেদি যোৱা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি জিলাখনত সংঘটিত হোৱা বৃহৎ কেলেংকাৰী বন্ধ কৰাৰ দাবীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।হাইলাকান্দি জিলাত স্তব্ধ হৈ পৰিছে জল জীৱন মিছন প্ৰকল্পৰ কাম। সমগ্ৰ জিলাখনত বিশুদ্ধ খোৱাপানীৰ অভাৱ। জিলাখনৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু একাংশ ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে সমগ্ৰ হাইলাকান্দিত পংগু হৈ পৰিছে জল জীৱন মিছন প্ৰকল্প। জল জীৱন মিছন প্ৰকল্প স্থাপনৰ দুৰ্নীতি বন্ধ কৰাৰ দাবীত জানকী বজাৰত AJYCP সংগঠনৰ বিষয়া সকলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.