মধ্য প্ৰদেশত হাত দাঙিলে বিজেপিয়ে ?

Share This Article

নেতা এজন ! মুখো এখন ! ভোটো লাগে তেওঁৰ নামতেই !মিছা হওক,সঁচা হওক প্ৰতিশ্ৰুতিও দিব লাগে তেঁৱেই !কি হৈছে দলটোত? সকলোতে খেলিমেলি ! হয়,বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিৰ কথাই ক’ব খোজা হৈছে । বিজেপি দলৰ দাবী যে দলটোৰ আছে ১৮ কোটি কাৰ্যকৰ্তা । কিন্তু সকলো ক্ষেত্ৰতে মাত্ৰ এখন মুখ । এজন ব্যক্তিয়েই ল’ব লাগে সকলো সিদ্ধান্ত। ক’ৰবাত অনুষ্ঠিত হ’ব নিৰ্বাচন,তালৈকো প্ৰচাৰৰ বাবে যাব লাগে সেই ব্যক্তিজন । সেই ব্যক্তিজন আন কোনো নহয়,তেওঁ হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।দেশৰ পাঁচখন ৰাজ্যত জোৰদাৰ গতিত চলি আছে বিধানসভাৰ বাবে নিৰ্বাচনী প্ৰচাৰ . । তদুপৰি ২০২৪ চনত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন। এই নিৰ্বাচনৰ বাবে সমগ্ৰ দেশতেই ব্যস্ত থাকিবলগীয়া হৈছে প্ৰধানমন্ত্ৰী মোডী। মুঠতে দৈনিক হাজাৰ হাজাৰ কোটি টকাৰ আধাৰশিলা,মুকলি,শুভউদ্ধোধন আদি অনুষ্ঠানবোৰতো আছেই।  ইতিমধ্যে সমগ্ৰ দেশত বিজেপিয়ে ইয়াৰ কাৰ্যকালৰ ৯ বছৰ ৬ টা মাহ সম্পূৰ্ণ কৰিলে। কিন্তু কাৰ্যকাল সম্পূৰ্ণ হ’বলৈ মাত্ৰ ৬ টা মাহ থকা সময়ত পিছলৈ উভতি চাই মোডী-শ্বাহে দেখিছে যে প্ৰায়বোৰ প্ৰতিশ্ৰুতিয়ে অসাৰ হ’ল ।বছৰি ২ কোটিৰ কৰ্মসংস্থাপন,দেশলৈ ক’লাধন ঘূৰাই অনা,কৃষকৰ উপাৰ্জন দুগুণ কৰা আদি এশ এবুৰি প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। তদুপৰি ডাবল ইঞ্জিনৰ চৰকাৰ চলি থকা প্ৰায়বোৰ ৰাজ্যতেই বিজেপিৰ অৱস্থা শোচনীয় ।কৰ্ণাটক আৰু হিমাচল প্ৰদেশ নিজৰ কব্জাৰ পৰা ইতিমধ্যে হেৰুৱালে বিজেপিয়ে। মধ্য প্ৰদেশতো বিজেপিৰ অৱস্থা একেবাৰে শোচনীয়। সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ তিনি সপ্তাহ পিছতো মধ্য প্ৰদেশত গৈ জনতাৰ সন্মুখত ভাষণ দিয়াৰ সাহস গোটাব পৰা নাই। ৰাজ্যখনত প্ৰতিষ্ঠানবিৰোধী ঢৌ আৰু দুৰ্নীতি,বিসম্বাদে সমগ্ৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। সেয়ে এইবাৰ প্ৰধানমন্ত্ৰী মোডীয়ে মধ্যপ্ৰদেশ হাতৰ পৰা গ’লেও যাওক বুলি এৰি দিছে কিন্তু পৰাজয়ৰ গ্লানি ল’ব খোজা নাই। বিশ্বৰ সৰ্ববৃহৎ দলটো শেহতীয়াকৈ সন্মুখীন হৈছে আন এক সমস্যাৰ। কৰ্ণিটকত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ৬ টা মাহ পাৰ হ’ল।তথাপিও দলটোৱে বিৰোধী দলপতি নিৰ্বাচন কৰিব পৰা নাই। ২২৬ খন বিধানসভা আসন থকা কৰ্ণাটকত বিগত নিৰ্বাচনত বিজেপি দল লাভ কৰিছিল মাত্ৰ ৬৬ খন আসন। বৃহস্পতিবাৰে অনুষ্ঠিত এখন সভাত বিজেপিৰ নিৰ্বাচিত বিধায়কসকলে দলৰ কেন্দ্ৰীয় নেতৃত্বক এক নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়ে আৰু এই সময়সীমাৰ ভিতৰত বিৰোধী দলপতি নিযুক্তি নিদিলে তেওঁলোকে আগন্তুক অধিৱেশনত অংশগ্ৰহণৰ পৰা বিৰত থকাৰ পৰা আঁতৰি থাকিব বুলি স্পষ্ট কৰি দিছে । মুঠতে ভোটাৰ,বিধায়ক সকলোৱে কেবল ভাবুকিহে দিছে বিজেপিক ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.