মদ খালেও যাব চাকৰি !

Share This Article

অসম আৰক্ষীৰ ওপৰত প্ৰতিদিনেই বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে।শেহতীয়াকৈ কেইবাটাও ঘটনাই কপাই গ’ল অসম আৰক্ষীক।অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাক হত্যা কৰা হ’ল ।বিগত ১৫ মে’ত সংঘটিত এই ঘটনাক প্ৰথমাৱস্থাত দুৰ্ঘটনাৰ ৰূপ দিয়া গৈছিল যদিও পিছলৈ ই এক হত্যাকাণ্ডহে বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ।ইয়াৰ পিছতেই সমগ্ৰ ঘটনাটো সন্দেহৰ আৱৰ্তলৈ আহিছিল।প্ৰথমাৱস্থাত বিষয়টোৰ তদন্ত চিআইডিক দিছিল যদিও পিছৰ পৰ্যায়ত ইয়াক চিবিআইলৈ হস্তান্তৰিত কৰা হয়।তদুপৰি বিগত সপ্তাহত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বিৰুদ্ধেও থানাৰ ভিতৰতে কিশোৰী নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈছিল।পিছত বিষয়টো ধৰা পৰাত তেওঁ থানাৰ পৰাই পলায়ন কৰে আৰু তেওঁক বিচাৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে আনকি তেওঁৰ তথ্য দিব পৰা লোকক ২ লাখ টকাৰে পুৰস্কৃত কৰাৰ কথাও ঘোষণা কৰে।কিন্তু অসম আৰক্ষীয়ে বিচাৰি নোপোৱা আৰক্ষী বিষয়া বিমান ৰয় গুৱাহাটীৰ পানীখাইতীত অচেতন অৱস্থাত উদ্ধাৰ হয় বৃহস্পতিবাৰে।

আনহাতে,আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে দায়িত্ব লোৱাৰ পিছতে অসম আৰক্ষীৰ ব্যাপক সালসলনি কৰাৰ লগতে কিছু নতুন নিয়মাৱলীও প্ৰবৰ্তন কৰে।সেই অনুসৰি বিগত ১৬ মে’ত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে অসম আৰক্ষীক শাৰীৰিক সক্ষমতাৰ দিশত উপযুক্ত আৰু সক্ষম কৰি ৰাখিব বিচাৰিছে।যিসকলৰ শৰীৰৰ ইনডেক্স ৩০ তকৈ অধিক সেইসকলক শৰীৰৰ মেদ কমোৱাৰ বাবে ৩ মাহ সময় দিছে প্ৰথম অৱস্থাত।১৫ আগষ্টৰ ভিতৰত মেদ পৰ্যাপ্ত পৰিমাণে হ্ৰাস নহ’লে আৰু ৩ মাহ সময় দিয়াৰ কথাও টুইটৰ জৰিয়তে ঘোষণা কৰে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে।এই নিয়ম আনকি আইপিএছ,এপিএছ বিষয়াৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব।নবেম্বৰ মাহৰ শেষলৈকে যদি আৰক্ষীৰ লোক সকলৰ শৰীৰ ঠিক নহয় তেন্তে নবেম্বৰৰ পিছত বাধ্যতামূলক অৱসৰ দিব অসম আৰক্ষীয়ে।মেদবহুল আৰক্ষীৰ এখন তালিকা ইতিমধ্যে প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে।মুঠ ৬৮০ গৰাকীৰ নাম আছে এই তালিকাত।এইবাৰ আৰক্ষীৰ চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ বাবে এই কেইটা বিশেষ কাৰণ বিচাৰি পাইছে গৃহ দপ্তৰে।সেই অনুসৰি আয়তকৈ অধিক সম্পত্তি থকা আৰক্ষীৰ লোক,সুৰাসক্ত অৱস্থাত থকা আৰক্ষীৰ লোক,যৌন আতিশয্যৰ লগত জড়িত থকা আৰক্ষীৰ লোক,উৎকোচ লোৱা আৰক্ষীৰ লোক,ৰাজপথৰ পৰা ধন সংগ্ৰহ কৰা লোক আদিৰ চাকৰি নাথাকিব।তদুপৰি ঘোচ লোৱা আৰক্ষীৰ লোকে হেৰুৱাব চাকৰি।তলৰ পৰ্যায়ৰ আৰক্ষীয়ে তদন্তত পলম কৰিলে তাৰ বাবে ওপৰৰ বিষয়াগৰাকী জগৰীয়া হ’ব আৰু চাকৰি হেৰুৱাব।মুঠতে যিবোৰ কাৰণত আৰক্ষীৰ লোকে চাকৰি হেৰুৱাব বুলি উল্লেখ কৰা হৈছে,তাৰ বেছিভাগ অপৰাধতেই অভিযুক্ত অসম আৰক্ষীৰ প্ৰায় সকল লোক ।সোণ চুৰিৰ পৰা,পথত ধন সংগ্ৰহ,সুৰা সেৱন ,উৎকোচ আদি সংগ্ৰহ কৰাত অসম আৰক্ষীৰ নাম আছে।আৰক্ষীৰ বিভিন্ন বিভাগত মুঠ কৰ্মচাৰীৰ সংখ্যা ৬১,৩১০ গৰাকী।অসম আৰক্ষীয়ে বিগত সময়চোৱাত বহুতবোৰ উত্থান পতনৰ ইতিহাস দেখিছে।আৰক্ষীৰ আনকি অধীক্ষক পৰ্যায়ৰ বিষয়াও বিভিন্ন গোচৰত অভিযুক্ত হৈ কাৰাগাৰত থাকিবলগীয়া হৈছে।প্ৰতিদিনে আৰক্ষীৰ বিৰুদ্ধে নানান অভিযোগ উত্থাপন হৈ আহিছে৷এনে সময়ত সুৰা সেৱন,আয়তকৈ সম্পত্তি অধিক থকা আদি কাৰণত যদি আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে তেন্তে অসমৰ প্ৰায়বোৰ থানাই হয়তো খালী হৈ পৰিব !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.