‘মদাহী’ চিকিৎসকৰ গোচৰত কাৰাগাৰ পালেগৈ নেতা

চিলাপথাৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয়।চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক অলক কুমাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তোলে সংগঠনটোৱে।চিলাপথাৰ আদৰ্শ চিকিৎসালয়ৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰোগীক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধেমাজি জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।আজি চিলাপথাৰত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে।তেওঁলোকে কৰা অভিযোগ অনুসৰি ডঃ অলক কুমাৰ সিং নামৰ এই চিকিৎসকজনে দীৰ্ঘদিন ধৰি সাধাৰণ ৰোগীক দুৰ্ব্যৱহাৰ কৰাই নহয় ।চিকিৎসালয়ৰ ভিতৰতে চিগাৰেট, গোটখা আদি সেৱন কৰাৰ উপৰিও দৈনিক মদ্যপান কৰি চিকিৎসা কৰে । যোৱা ১৬ ফেব্ৰুৱাৰীত এগৰাকী প্ৰসূতিয়ে এইগৰাকী চিকিৎসকৰ অৱহেলাৰ বাবেই চিকিৎসালয়ৰ বাৰাণ্ডাতে সন্তান প্ৰসৱ কৰে । সেই সন্দৰ্ভত AJYCP ৰ ধেমাজি জিলাৰ উপসভাপতি ভাস্কৰ বুঢ়াগোহাঁইক খবৰ দিয়াত নিশাই তেওঁ চিকিৎসালয়খনত উপস্থিত হোৱাৰ পিছত সুৰামত্ত চিকিৎসকগৰাকীৰ লগত তৰ্কতৰ্কি হয় আৰু তাৰ সুযোগ গ্ৰহণ কৰি জমা হোৱা লোকৰ মাজৰ কোনো লোকে চিকিৎসকজনক প্ৰহাৰ কৰে ।সেই সন্দৰ্ভত ভাস্কৰ বুঢ়াগোহাঁইৰ ওপৰত চিকিৎসকজনে চিলাপথাৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত আজি চিলাপথাৰ আৰক্ষীয়ে ভাস্কৰ বৰগোহাঁইক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে সংগঠনটোৰ কৰ্মীসকল । তেওঁলোকৰ অভিযোগ যে এই চিকিৎসকজনৰ ওপৰত পূৰ্বে ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কিন্তু ভাস্কৰ বুঢ়াগোহাঁইৰ ওপৰত তেওঁ জাপি দিয়া এটা মনেসজা গোচৰৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰিছে । সংগঠনটোৱে আজি চিলাপথাৰ থানাত চিকিৎসকগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দি অনতিপলমে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে আন্দোলনৰ ভাবুকি প্ৰদান কৰে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296