মগজু নখটুৱাৰ ফল পালে বিষয়াই

অসমৰ এগৰাকী ৮৫ বছৰীয়া গোৰ্খা ব্যক্তিক নিৰ্বাচনী বিষয়াই অবৈধ অনুপ্ৰৱেশকাৰী বুলি জাননী প্ৰেৰণ কৰি বিগত বছৰবোৰত তেওঁক হাৰাশাস্তি কৰাৰ বাবে জৰিমনাৰ সন্মুখীন হ’বলগীয়া হৈছে।উল্লেখ্য যে অসমত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা লোকক অবৈধ অনুপ্ৰৱেশকাৰী হিচাবে গণ্য কৰা হয় আৰু উপযুক্ত নথি পত্ৰ নাথাকিলে তেওঁলোকক ডি ভোটাৰ হিচাপে গণ্য কৰা হয়।কিন্তু সম্পূৰ্ণ ৩৮ টা বছৰ ভাৰতীয় সেনাবাহিনীত চাকৰি কৰাৰ পিছত ২০১১ চনৰ অবৈধ অনুপ্ৰৱেশকাৰী ট্ৰিবিউনেল অনুসৰি জগত বাহাদুৰ ছেত্ৰীক অবৈধ অনুপ্ৰৱেশকাৰী আখ্যা দিয়া হয়।২০০০ চনৰ অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আইন অনুসৰি ভোটাৰ পঞ্জীয়ন বিষয়াগৰাকীয়ে তেওঁ লৈ অবৈধ নাগৰিকৰ জাননী প্ৰেৰণ কৰে।দিছপুৰ বিধানসভা সমষ্টিত তেওঁক সন্দেহজনক ভোটাৰ হিচাপে চিনাক্ত কৰি তেওঁৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন তোলা হয়।জিঅ’লজী এণ্ড মাইনিং ডিপাৰ্টমেণ্টৰ এগৰাকী বিষয়াই তেওঁৰ জন্মস্থান ডিব্ৰুগড়ত তেওঁৰ জন্ম সম্পৰ্কীীয় সকলো তথ্য সংগ্ৰহ কৰাৰ পিছতো তেওঁক ২০১১চনত পুনৰ বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি জাননী পঠিওৱাৰ যুক্তিযুক্ততা নাই।উল্লেখ্য যে জিঅ’লজী এণ্ড মাইনিং ডিপাৰ্টমেণ্টৰ বিষয়াৰ তথ্যত তেওঁ ১৯৩৭ চনত অসমৰ ডিব্ৰুগড় জিলাত জন্মৰ তথ্য পোৱা গৈছে৷ছেত্ৰীৰ নাগৰিকত্ব সন্দৰ্ভত ন্যায়ালয়ত দাখিল কৰা তথ্যত প্ৰকাশ পাইছে যে তেওঁ মুঠ ৩৮ বছৰ ভাৰতীয় সেনাবাহিনীত সেৱা আগবঢ়াইছিল।১৯৬৩ চনৰ পৰা ২০০১ চনলৈকে তেওঁ সেনাবাহিনীত কাম কৰিছিল।তেওঁ আনকি সেনাবাহিনীৰ নাৰেংগীৰ সেনা শিবিৰতো যথেষ্ট দিন কাম কৰিছিল।অবৈধ অনুপ্ৰৱেশকাৰীৰ জাননী লাভ কৰি ছেত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ভুক্তভোগী ছেত্ৰীৰ আৱেদনৰ শুনানি গ্ৰহণ কৰি কয় ‘ যদি ছেত্ৰী ১৯৩৭ চনত জন্ম হৈছিল আৰু তেওঁৰ জন্মস্থান ডিব্ৰুগড় আছিল আৰু তেওঁ যদি বাংলাদেশৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহাৰ কোনো প্ৰমাণ পোৱা নাই,তেন্তে ভোটাৰ পঞ্জীয়ন বিষয়াগৰাকীৰ ভুলৰ বাবেই তেওঁ এই হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ তেন্তে নিৰ্বাচনী বিষয়া গৰাকীৰ দায়বদ্ধতাহীনতাৰ বাবে এই ঘটনা সংঘটিত হ’ল।’এই নিৰ্দেশৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ে নিৰ্বাচনী বিভাগক এই বিশেষ বিষয়াজনক চিনাক্ত কৰি মুঠ ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ নিৰ্দেশ দিছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296