‘মই জানো, গীতিমণিৰ দেউতাকে গাহৰি মাংসৰ ব্যৱসায় কৰে…’জুবলীয়ে আৰু কি ক’লে ?

Share This Article

এটা টেলিভিছন চেনেলৰ ৰিয়েলিটী শ্ব’ ৷ আঁত ধৰোতা জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা ৷ প্ৰতিযোগী এগৰাকীক তেওঁ সোধে- পাপাই কি কৰে? প্ৰতিযোগীয়ে উত্তৰ দিয়ে – বিজনেছ কৰে? জুবলীয়ে আকৌ সোধে – কি বিজনেছ কৰে? প্ৰতিযোগী গৰাকীয়ে এইবাৰ উত্তৰ দিয়ে – পাপাই গাহৰি কাটে৷ এই উত্তৰ শুনি আন প্ৰতিযোগীসকলে হাঁহি দিয়ে৷ ডি ৱাই ৩৬৫ নামৰ ছেটেলাইট চেনেলটোত সম্প্ৰচাৰ হয় এই অনুষ্ঠান ৷ইয়াৰ পাছতে চ’ছিয়েল মেডিয়াত ধুমুহা বলে৷ বহুতে আক্ৰমণৰ লক্ষ্য কৰি লয় জুবলী বৰুৱাকো৷ ব্যাপক বিতৰ্কৰ পাছত সমগ্ৰ ঘটনালানি সন্দৰ্ভত স্পষ্টীকৰণ আগবঢ়াইছে জুবলীয়ে৷ তেওঁ কয়–‘ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমবোৰত সঘনাই সহজ ভাৱে হৈ থকা কামটোৱে হৈছে বিতৰ্ক, সমালোচনা।
ইয়াৰ বহুত যোগাত্মক দিশ আছে, যাৰ বাবে হয়টো বহুবাৰ বিভিন্ন ক্ষেত্ৰত এক বৃহৎ জনমত গঢ় লৈও উঠিছে। যাৰ উদাহৰণ আমাৰ দেশতেই বহুত আছে। হৈ থকা অন্যায় বোৰৰ বিৰুদ্ধে একগোট হৈ জনমত গঢ়িব পৰা যায় নিজ নিজ ভিন্ন ঠাইৰ পৰাই। আন এটি ভাল লগা দিশ হল, আমি ভালপোৱা জনৰ লগত সদায়ে জড়িত হৈ থাকিব পাৰোঁ, সেয়া কোনো আপোন বন্ধুৱে হওঁক বা ককাই ভনীয়ে হওঁক বা ভালপোৱা এজন ব্যক্তিয়ে কিয় নহওঁক।
কিন্তু বহু বাৰ ইয়াৰ বিপৰীত দেখা যায়। কোনো এটা কথাৰ সত্যতা নজনাকৈয়ে বিতৰ্ক ইমানেই বেছি হয় যে, নিৰ্দিষ্ট ব্যক্তিজন মানসিক ভাবে ভাঙি পৰে। তাৰো উদাহৰণ বিচাৰিলেও বহুত পাব।
যোৱা দুদিন ধৰি, Dy বিহুৰাণীৰ দুটিমান দৃশ্যক লৈ যথেষ্ঠ সমালোচনা হৈ আছে।
হয়টো হ’বলগীয়া কিন্তু হ’বলৈ কিমান সত্য? দোষী বা কোন ?
মোৰ মনত আছে শৈশৱত মোৰ বন্ধু বান্ধৱী, তেওঁলোকৰ পিতৃ মাতৃ, মোৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে মোক সুধা এটি সাধাৰণ প্ৰশ্ন, তোমাৰ দেউতাই কি কৰে? উত্তৰ যদি ব্যৱসায় বা চাকৰি হয় তেনেতে আকৌ এটি প্ৰশ্ন আহে, কি চাকৰি বা ব্যৱসায়? কেৱল নামটো কলে শুধে, উপাধি কি?
আজিও মোৰ মনত এই প্ৰশ্ন নাই যে, তেওঁলোকৰ মাজত কিবা জাতি ভেদ বা প্ৰভেদ জ্ঞান আছিল। সৰু বা ডাঙৰ হওঁক, কৰ্ম এজন ব্যক্তিৰ গৌৰৱ। উপাধি সেই ব্যক্তি জনৰ বংশৰ গৌৰৱ হয়।
কিন্তু তাৰ মাজতে দেখা যায়, আধুনিকতাৰ বেশত এচাম শিক্ষিত লোকে ইয়াৰ বিৰূপ মনোভাৱ প্ৰকাশ কৰা।
মই জানো, গীতিমণিৰ দেউতাকে গাহৰি মাংসৰ ব্যৱসায় কৰে আৰু মোৰ লগতে উপস্থিত থকা আন সকলো প্ৰতিযোগী কেইগৰাকীয়েও। কি ব্যৱসায় জনোৱাৰ উদ্দেশ্য আছিল দৰ্শকক। এটি সাধাৰণ পৰিয়ালৰ ছোৱালী হৈও কেনেকৈ তাই কষ্ট কৰি এই মঞ্চ পাইছেহি, কেনেকৈ লাখ লাখ দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। এই কথাই বহু জনক উৎসাহিত কৰিব।
সকলো প্ৰতিযোগী একেটি পৰিয়ালৰ দৰেই l গীতিমণিয়ে যথেষ্ঠ মৰম বুটলিবও পাৰিছিল। সেই সম্পৰ্ক তেওঁলোকে ভালকৈ জানে।
হাঁহি উঠাৰ তেওঁলোকৰ কাৰণ মই জানো যে, গীতিমণিৰ পিতৃৰ ব্যৱসায় নাছিল। সেই মূহুৰ্ত বুজাত ভুল হ’ল। সেইটো এটি সৰু দৃশ্যাংশৰহে। গোটেই পৰিবেশটো ধেমালিৰ মাজতে আছিল তেওঁলোকৰ। কণমানি গীতিমণিৰ কথা কোৱাৰ ভংগিমাৰ বাবে তাইক সকলোৱে বৰ মৰম কৰিছিল, হাঁহি ধেমালি কৰিছিল।
তেওঁলোকে জানে সেই মূহুৰ্ত, নাজানো হয়তো আমি।
যাৰ বাবে হয়তো বুজাবুজিৰ এই যুদ্ধ খন। বুজাবুজিৰ বাবে কাকো দোষ দিব নোৱাৰি। গীতিমণি আৰু বাকী প্ৰতিযোগী কেইগৰাকীৰ মাজৰ সেই সময় হয়তো আমি বুজিব নোৱাৰিম।
মই কোৱাৰ উদ্দেশ্য আছিল, যাতে কোনোৱে বাকী কেইগৰাকী প্ৰতিযোগীক ভূল নুবুজে। সকলো যথেষ্ট সৰু হৈ আছে। কিন্তু বিগত দুদিন মান ধৰি এই বিতৰ্ক/ সমালোচনাই তেওঁলোকক ভাঙি পেলাইছে।‘ তেওঁলোকক বেয়া বেয়াকৈ কোৱা হৈছে, ওচৰ চুবুৰীয়া সকলোৱে বেয়াকৈ কৈছে। এচাম অধচে নাচনী সকলক গালি গালাজ কৰিবলৈ অশ্লীল শব্দ ব্যৱহাৰ কৰা কৰিছে।
সাৱধান হওঁক। অন্যথা তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হম।
মোৰ আকৌ সকলোলৈ বিনম্ৰ অনুৰোধ, কোনেও যাতে ভুল নুবুজে। তেওঁলোকক।
এইবাৰ আহিল………..
সেইটো এটা খুব …….. ? হয়, মোৰেই ভাষ্য আছিল সেইটো।
পিছফালৰ খালি ঠাই খিনি পূৰণ কৰাৰ দ্বায়িত্ব হয়টো দুজন মানে ল’ব। ভাল জনে ভালকৈ, আনজনে বেয়াকৈ। ইয়াতে মোৰ কোনো আপত্তি নাই কোনে কিদৰে লয়। কাৰণ মই জানো ।
অনুৰোধ জনাইছোঁ মোৰ শুভাকাংশী সকলক, যাতে তেওঁলোকে এই কথাখিনি SHARE কৰে। সকলোৱে যাতে বুজি পাই আচলতে হৈছিল কি। অনাহকত নাচনী কেইগৰাকীক যাতে দোষাৰোপ নকৰে।
আমি লিখিব পাৰোঁ আৰু লিখি গৈ থাকোঁ কিন্তু আমি জানো ভাবি চাওঁ সেই শব্দই চোকা অস্ত্ৰৰ দৰে কাৰোবাৰ হয়টো অন্তৰত আঘাত হানি তেওঁলোকক ঘুণীয়া কৰি থৈ যায়।
শেষত, এই সময় বৰ কঠিন। একেলগে যুঁজ দিয়াৰ সময়। সকলো সুৰক্ষিত থাকক, ঘৰতে থাকক। নাজানো হয়তো কোনে কাক কেতিয়া হেৰুৱাব লগা হয়। সকলো আপোন, মোৰ নিজৰ।
মোৰ প্ৰাৰ্থনাত সমগ্ৰ অসম । জয় আই অসম।‘ ফেচবুকৰ এইদৰেই নিজৰ বক্তব্য ৰাখিছে জুবলীয়ে৷

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.