ভয়ংকৰ চাকৰি সংকটত ভাৰতবৰ্ষ:এসপ্তাহত চাকৰি বিচাৰি চৰকাৰী পৰ্টেলত পঞ্জীকৰণ কৰা ৭ লাখৰ মাত্ৰ ৬৯১ জনেহে পালে চাকৰি

Share This Article

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যোৱা ১১ জুলাইত লন্স কৰা চৰকাৰী চাকৰিৰ পৰ্টেলটোত এই পৰ্য্যন্ত ৬৯ লাখতকৈও অধিক লোকে নিজৰ নাম পঞ্জীভূত কৰিছে। কিন্তু ইয়াৰ ভিতৰত চাকৰি লাভ কৰিছে তেনেই নগণ্য কেইজনমানেহে।

ই অনাগত দিন সমূহত মোডী চৰকাৰৰ সমুখত অৰ্থনৈতিক দুৰৱস্থাৰ লগতে চাকৰি সংকট যে এক গভীৰ আৰু মূল প্ৰত্যাহ্বান হিচাপে থিয় দিব তাৰে আশনি সংকেত কঢ়িয়াই আনিছে। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ১৪ আগষ্টৰ পৰা ২১ আগষ্টলৈকে এই চৰকৰি পৰ্টেলত চাকৰি বিচাৰি পঞ্জীকৰণ কৰা লোকৰ সংখ্যা আছিল প্ৰায় ৭ লাখ। কিন্ত ইয়াৰ ভিতৰত এ8 পৰ্যন্ত চাকৰি লাভ কৰিছে মাত্ৰ ৬৯১ জন লোকেহে।

আত্মনিৰ্ভৰ স্কীলড এমপ্লয়ী এমপ্লয়াৰ মেপিং পৰ্টেল অনুসৰি ৩.৭ লাখ চাকৰিৰ প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ২% হে চাকৰি লাভ কৰিব সক্ষম হৈছে। একেদৰে ৬৯ লাখ মাইগ্ৰেন্ত শ্ৰমিকৰ ১.৪৯ লাখে হে চাকৰিৰ বাবে প্ৰস্তাৱ লাভ কৰিছে আৰু তাৰে মাত্ৰ ৭৭০০ জনেহে যোগদান কৰিব সক্ষম হৈছে।

বাতৰি কাকত খনে প্ৰকাশ কৰা অনুসৰি চাকৰি বিচৰা প্ৰাৰ্থীৰ সংখ্যা পৰ্টেলটোত ৮০% বিধি পোৱাৰ বিপৰীতে এই পৰ্টেলৰ যোগেদি পাৱ কৰা চাকৰিত যোগদান কৰে লোকৰ সংখ্যা ৯.৮৭ % হে বৃদ্ধি পাইছে।

featured photo courtesy: Scroll.in

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.