ভেকচিনৰ নামতো ব্যৱসায়ত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ!

ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী সুভাষ গৰ্গে ভেকচিনৰ নামতো কেন্দ্ৰীয় চৰকাৰে ব্যৱসায় আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সুভাষ গৰ্গে জনোৱা অনুসৰি চিৰম ইন্সটিটিউতক ভেকচিন ক্ৰয় কৰাৰ বাবে ধন দিয়াৰ উপৰিও প্ৰতিটো ভেকচিন ডোজৰ নামত কেন্দ্ৰীয় চৰকাৰেও সংগ্ৰহ কৰিছে কৰ। সুভাষ গৰ্গে জনোৱা অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ভেকচিনৰ নামত ৰাজ্যৰ পৰা কৰ সংগ্ৰহ নকৰিলে ৰাজ্যখনৰ অতিৰিক্ত ১৮ লাখ ব্যক্তিয়ে ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব। উল্লেখ্য যে, ৰাজস্থানে লাভ কৰা ভেকচিনৰ প্ৰতিটো ডোজৰ নামত ৰাজ্য চৰকাৰে ৩১৫ টকাকৈ দিব লগা হৈছে। ইয়াৰে ৩০০ টকা চিৰম ইন্সটিটিউতৰ নিৰ্ধাৰিত পৰিমাণ আৰু ১৫ টকাকৈ জিএচটিৰ নামত ভাৰত চৰকাৰে সংগ্ৰহ কৰি আছে। স্বাস্থ্যমন্ত্ৰীজনে জনোৱা তথ্য অনুসৰি ৰাজস্থানে চিৰম ইন্সটিটিউতৰ পৰা প্ৰথমবাৰ ৩.৭৫ কোটি ভেকচিনৰ ডোজ ক্ৰয় কৰিছিল। এই প্ৰথমবাৰৰ ভেকচিন ক্ৰয়ৰ নামতেই প্ৰতি ডোজত ১৫ টকাকৈ মুঠ ৫৬ কোটি টকা ৰাজস্থানৰ ৰাজ্য চৰকাৰে অকল কৰ প্ৰদান কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰক। সুভাষ গৰ্গে লগতে জনাই যে, ৰাজ্যখনৰ সম্পূৰ্ণ জনসংখ্যাক দুটাকৈ ভেকচিনৰ ডোজ দিবলৈ মুঠ ৭.৫০ কোটি ভেকচিনৰ প্ৰয়োজন হ’ব। এই ভেকচিনৰ পৰিমাণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ পৰা মুঠ ১১২কোটি টকা জিএচটিৰ নামত সংগ্ৰহ কৰিব। কেন্দ্ৰীয় চৰকাৰে ভেকচিনত জিএচটি ৰেহাই দিলে সেই টকাৰে অতিৰিক্ত ১৮ লাখ মানুহক ভেকচিনৰ দুটাকৈ ডোজ দিব পৰা যাব বুলি জনাই ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী জনে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে বিদেশৰ পৰা আমদানি কৰা ভেকচিনক জিএচটিৰ পৰা ৰেহাই দিয়াৰ কথা জনাইছে। কিন্তু ভাৰতত নিৰ্মিত ভেকচিনত ৫% কৈ জিএচটি সংগ্ৰহ কৰি আছে। বিভিন্ন ৰাজ্য চৰকাৰে ইতিমধ্যে চিঠি লিখি ভেকচিনক জিএচটিৰ পৰা মুক্ত কৰাৰ বাবে কেন্দ্ৰক অনুৰোধো কৰিছে। কংগ্ৰেছৰ সমান্তৰালকৈ ৰাজস্থান বিজেপিৰ অধ্যক্ষ সতীশ পুনিয়াইও ভেকচিনক জিএচটিৰ আওঁতাৰ পৰা মুক্ত কৰা কথাৰ সমৰ্থন কৰা দেখা গৈছে। তেওঁ জনাই যে, এই বিষয়ে তেওঁ কেন্দ্ৰীয় বিত্ত মন্ত্ৰীৰ লগতো অতিশীঘ্ৰে আলোচনাত মিলিত হ’ব। আনহাতে বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহৰ মতে, ১৮ ৰ পৰা ৪৪ বছৰ বয়সৰ ব্যক্তিসকলৰ বাবে ভেকচিন ৰাজ্যসমূহে কেন্দ্ৰতকৈ দুগুন দামত ক্ৰয় কৰিবলৈ বাধ্য হৈছে। তাৰ ওপৰতো যদি মোডী চৰকাৰে জিএচটি সংগ্ৰহ কৰে তেনেহ’লে ৰাজ্যসমূহৰ ভঁৰাল উদং হ’বলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নহ’ব। কেন্দ্ৰীয় চৰকাৰে এই বিষয়ে পৰ্যালোচনা কৰা অতি প্ৰয়োজনীয়।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296