ভাৰতবৰ্ষ আৰু গান্ধীৰ দেশ হৈ থকা নাই: জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা

Share This Article

আজি প্ৰায় এবছৰৰ মূৰত টেলভিচন পৰ্দাত প্ৰথমটো সাক্ষাৎকাৰ দি NDTV নামৰ চেনেলটোত জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সাংসদ ফাৰুক আব্দুল্লাই কয় যে “এইখন আৰু মহাত্মা গান্ধীৰ ভাৰত হৈ থকা নাই”।

NDTV ৰ জ্যোষ্ঠ সাংবাদিক শ্ৰীনিভাসন জৈনে সোধা এটা প্ৰশ্নৰ উত্তৰত ফাৰুক আব্দুলাই কয় অনুচ্ছেদ ৩৭০ৰ সাংবিধানিক বৈধতা খাৰিজ কৰি বিজেপিয়ে কৈ থকাৰ দৰে জম্মু কাশ্মীৰক ভাৰতৰ লগত আৰু অধিক একত্ৰীকৰণ কৰা নাই, বৰঞ্চ ইয়াৰ বিপৰীত হে হৈছে।

যোৱা এবছৰ ধৰি তেওঁক গৃহ বন্দী কৰি ৰখাৰ বিৰুদ্ধে সোচ্চাৰ হৈ প্ৰাক্তন মুখ্যমন্ত্ৰী জনে কয় যে তেওঁ বৰ্তমান এজন সাংসদ আৰু সাংসদ হিচাপে তেখেতৰ কিছুমান অধিকাৰ আছে। কিন্তু যোৱা এবছৰ ধৰি তেখেতক এই অধিকাৰ সমূহৰ পৰা বঞ্চিত কৰা হৈছে। “মোৰ ওচৰত বাহিৰৰ জগত খনৰ লগত যোগ যোগ কৰাৰ বাবে টেলিফোনৰ সংযোগো দিয়া হোৱা নাছিল। এজন সাংসদ হিচাপে টেলিফোন সংযোগ থকাটো মোৰ অধিকাৰ। মোৰ জীয়ৰী বিদেশত থাকে। মই তাইৰ লগতো যোগাযোগ কৰিব পৰা নাছিলোঁ।মই যেন এজন ঘোৰ অপৰাধী,” ফাৰুক আব্দুলাই সাক্ষাৎকাৰটোত কয়।

ইয়াৰ উপৰিয়ো তেখেতে কয় যে অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত জম্মু- কাশ্মীৰৰ জনসাধাৰণে ভাৰত চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। গতিকে তেখেতে দাবী কৰে যে অনতিপলমে জম্মু কাশ্মীৰক পুনৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫(A) ৰ লগতে ৰাজ্যৰ মৰ্য্যদাও ঘূৰাই দিব লাগে।

তেওঁৰ লগতে একাংশ ৰাজনীতিকক বৰ্তমান মুকলি দি আন একাংশক এতিয়াও আটক কৰি ৰখাৰ সম্পৰ্কে মতামত দি তেখেতে কয় যে ই ৰাজ্যখনৰ ৰাজনৈতিক নেতা সকলৰ মাজত বিভাজন অনাৰ এক কৌশল।

অৱশেষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰাক্তন মুখ্যমন্ত্ৰীজনে সৎ হবলৈ আহ্বান জনায় কয় যে নৰেন্দ্ৰ মোডীয়ে অনুধাৱন কৰা উচিত যে চৰকাৰে যি কৰিলে ভুল কৰিলে আৰু অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাটো বিজেপিৰ হে এজেণ্ডা, দেশৰ এজেণ্ডা নহয়।

Featured photo courtesy: ZEE NEWS

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.