ভাওনা নহয় ভেকোভাওনা এইবাৰ !

Share This Article

টেটোন তামুলীৰ ভাওনাৰ পিছত এইবাৰ টেটোন তামুলীৰ ভেকোঁভাওনা ।নগাঁৱত শাক-পাচলিৰ মহিলা ব্যৱসায়ীৰ দ্বাৰা শুভমুক্তি নতুন হাস্যমধুৰ ৱেব চিৰিজৰ।টেটোন তামুলীৰ ভাওনাৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ লকৈ এণ্টাৰটেইনমেণ্টে প্ৰস্তুত কৰি উলিয়াইছে হাস্যমধুৰ ৱেব চিৰিজ টেটোন তামুলীৰ ভোকোঁভাওনা । সোমবাৰে ইউ টিউব চেনেলত উপলব্ধ হোৱা এই নতুন ৱেব ছিৰিজৰ শুভমুক্তি দিয়া হয় । নগাঁৱৰ নেহৰুবালিৰ শাক-পাচলিৰ একাংশ মহিলা ব্যৱসায়ীৰ দ্বাৰা এই হাস্যমধুৰ ৱেব চিৰিজৰ শুভমুক্তি দিয়া হয় ।প্ৰতি সোমবাৰে আবেলি চাৰি বজাত উপলব্ধ হ’বলগীয়া এই ৱেব চিৰিজখন ৰাইজে টেটোন তামুলীৰ ভাওনাৰ দৰেই আকোঁৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে শিল্পী তথা কলা-কুশলীসকলে ।বিদ্যুতজ্যোতি শইকীয়াৰ মূল কাহিনীৰ আধাৰত দিব্যজ্যোতি শইকীয়াই সম্প্ৰসাৰণ কৰা এই ৱেব চিৰিজ বহু কেইগৰাকী ন-পুৰণি অভিনয় শিল্পীৰ অভিনয়ৰে সমৃদ্ধ হৈছে বুলি জানিব পৰা গৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.