ভয়ংকৰ বিত্তীয় সংকটত অসমৰ ঠিকাদাৰ

Share This Article

হিতাধিকাৰী আঁচনিৰে উন্নয়নৰ ঢোল বজোৱা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ আৰ্থিক সংকট অতি ভয়ংকৰ হৈ পৰিছে। ৰংচঙীয়া বিজ্ঞাপন প্ৰকাশ আৰু বৃহৎ বৃহৎ ৰাজহুৱা সভা পাতি উন্নয়নৰ গংগা বোৱা বুলি দাবী কৰা শ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ কাৰ্যকালতে ঠিকাদাৰসকলে পোৱা নাই প্ৰাপ্য ধন। আৰ্থিক সংকটৰ জোৰা মাৰিব নোৱাৰিয়েই চৰকাৰে ঠিকাদাৰসকলক দিব পৰা নাই ২২,০০০ কোটি টকা ।ইয়াৰ ভিতৰত ২০২০-২০২১ চনৰ ধনো ঠিকাদাৰ আৰু যোগনিয়াৰসকলে পোৱা নাই। আচলতে চৰকাৰে দিবলৈ সক্ষম হোৱা নাই এই ধন। এই ধনৰ পৰিমাণ হ’ল ১৭,০০০ কোটি টকা ।আৰু ২০২১-২০২২ চনত এই ধনৰ পৰিমাণ বৃদ্ধি পায় ২২,০০০ কোটি টকালৈ। অতি গুৰুত্বপূৰ্ণ কথা যে ঠিকাদাৰে ধন আদায় পাবলৈ বাকী থকা বিভাগ সমূহৰ ভিতৰত অন্যতম হ’ল জলসম্পদ বিভাগ। পীযুষ হাজৰিকা মন্ত্ৰী হৈ থকা বিভাগটোৰ ঠিকাদাৰসকলে পাবলৈ আছে ৬০০ কোটি টকা।অনুৰূপধৰণে স্বাস্থ্য,শিক্ষা,লোকনিৰ্মাণ,জনস্বাস্থ্য কাৰিকৰী,সমাজ কল্যাণ বিভাগৰ ঠিকাদাৰসকলে পাবলৈ বাকী আছে ১২,০০০ কোটি টকা।ঠিকাদাৰ আৰু যোগনিয়াৰক এনে বৃহৎ পৰিমাণৰ ধন আদায় দিবলৈ বাকী থকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ভাৰতৰ মহা হিচাপ নিয়ন্ত্ৰক আৰু পৰীক্ষক চমুকৈ কেগে। ঠিকাদাৰক কিয় বিল আদায় দিয়া নাই বুলি ৰাজ্য চৰকাৰৰ পৰা স্পষ্টীকৰণ কেগৰ ।যোৱা ৩১ মাৰ্চলৈকে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগ আৰু প্ৰতিষ্ঠানলৈ কিমান পুঁজিৰ আৱণ্টন দিলে আৰু আৱণ্টিত পুঁজিৰ কিমান মুকলি কৰি দিলে তাৰ বিতং তথ্য বিচাৰি কেগে পত্ৰ প্ৰেৰণ কৰিছে। কেগৰ ফালৰ পৰা এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰা হৈছে ৰাজ্যৰ বিত্ত বিভাগৰ বাজেট শাখাৰ সঞ্চালকলৈ ।উল্লেখ্য ৰাজ্য চৰকাৰে বিভিন্ন উৎসৰ পৰা লোৱা ঋণৰ পৰিমাণ বৰ্তমান এক লাখ ত্ৰিশ হাজাৰ কোটি টকা হৈছেগৈ। এনে বৃহৎ পৰিমাণৰ ঋণ মূৰৰ ওপৰত থকাৰ পাছতো চৰকাৰখনে হিতাধিকাৰীৰ নামত পানীৰ দৰে বোৱাইছে কোটি কোটি টকা। মাত্ৰ চমকৰ বাবেই মেলামুখিতাৰে সকলো চৰকাৰী কাৰ্যসূচী পালন কৰি গৈছে চৰকাৰখনে।কিন্তু এতিয়া কাম কৰায়ো ঠিকাদাৰ আৰু যোগনিয়াৰক চৰকাৰখনে দিব পৰা নাই প্ৰাপ্য ধন। মাহৰ পিছত মাহ প্ৰাপ্য ধন নাপায় ঠিকাদাৰ আৰু যোগনিয়াৰসকল ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে । বিশেষকৈ সৰু সৰু ঠিকাদাৰৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। ঠিকাদাৰৰ অসন্তুষ্টিয়েও এতিয়া কাৰ্যতঃ বিভাগসমূহৰ কাম-কাজত অচলাৱস্থা সৃষ্টি কৰাৰ উপক্ৰম হৈছে। কিন্তু মূল কথাটো হ’ল ঠিকাদাৰ আৰু যোগনিয়াৰক প্ৰাপ্য ধন আদায় দিব নোৱৰা চৰকাৰক কেগে স্পষ্টীকৰণ বিচাৰি উন্নয়নৰ ফোপোলা স্বৰূপটোকে যেন উদঙাই দিলে।এই কথা উন্নয়নৰ ভাগিৰথী গংগা বোওৱা বুলি দাবী কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনুভৱ কৰিবনে ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.