সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভয়ংকৰ আক্ৰমণ বাংলাদেশীৰ

৩৫ নং বেটেলিয়নৰ দুজন সীমান্তৰক্ষী সেনা জোৱান বাংলাদেশীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়।ভাৰত-বাংলা সীমান্তৰ নিৰ্মল চৰ অঞ্চলত সংঘটিত হৈছে এই ভয়ানক ঘটনা।৩৫ নং বেটেলিয়নৰ জোৱানে সীমান্তত পহৰা দি থকাৰ সময়ত এই আক্ৰমণ সংঘটিত কৰে বাংলাদেশী লোকে।ভাৰত-বাংলা সীমান্ত পাৰ কৰি গৰু চৰাবলৈ ভাৰতত প্ৰৱেশ কৰাত বাধা দিয়াৰ বাবেই সীমান্তৰক্ষী জোৱানৰ ওপৰত আক্ৰমণ চলাই বাংলাদেশী লোকে।ভাৰতীয় কৃষকে প্ৰায়ে বাংলাদেশী গৰখীয়াই তেওঁলোকৰ কৃষিভূমিত গৰু এৰি দি খেতি নষ্ট কৰাৰ অভিযোগ দি আহিছে।দেওবাৰে বিয়লি সীমান্তৰক্ষী বাহিনীৰ জোৱানে পহৰা দি থকাৰ অৱস্থাত প্ৰায় এক ডজন বাংলাদেশী দুৰ্বৃত্তই তেওঁলোকৰ ওপৰত আক্ৰমণ চলায়।গুৰুতৰভাৱে আহত জোৱান দুজনৰ পৰা বাংলাদেশীয়ে আনকি অস্ত্ৰশস্ত্ৰও কাঢ়ি লৈ যায়।ইতিমধ্যে জোৱান কেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।সীমান্ত লৈ অধিক নিৰাপত্তাৰক্ষী ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।
ইতিমধ্যে BSF এ বৰ্ডাৰ গাৰ্ডচ বাংলাদেশৰ লগত এক যুটীয়া বৈঠকৰ পোষকতা কৰিছে৷এই যুটীয়া বৈঠকৰ জৰিয়তে ইতিমধ্যে কাঢ়ি নিয়া অস্ত্ৰশস্ত্ৰ উদ্ধাৰ কৰিব পৰা যাব।BSF ৰ মুখপাত্ৰগৰাকীৰ মতে ‘BSF জোৱানৰ ওপৰত এইবাৰেই প্ৰথম আক্ৰমণ নহয়।বাংলাদেশী দুৰ্বৃত্তই ইয়াৰ আগতেও কেইবাবাৰো আক্ৰমণ কৰিছে জোৱানৰ ওপৰত।নিৰ্মল চৰ অঞ্চল ভয়াবহ,ইয়াত সা-সুবিধাৰ অভাৱৰ মাজেদিয়েই সেনাই দিন ৰাতি একাকাৰ কৰি পহৰা দিবলগীয়া হয়৷প্ৰায়ে ভাৰতীয় কৃষকক আক্ৰমণ কৰে বাংলাদেশী দুৰ্বৃত্তই।ভাৰতীয় কৃষকক পহৰা দিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয় ভাৰতীয় সেনাই।’

Leave A Reply

Your email address will not be published.