‘বৰগছ’ত সাংবাদিকৰ কৰ্মশালা

Share This Article

কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত কাজিৰঙাৰ বৰগছ ৰিচৰ্টত ৫ জুলাইৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সাংবাদিক কৰ্মশালা। পুৱাৰে পৰা আৰম্ভ হোৱা কৰ্মশালাখনি মুকলি কৰে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানটো আনুষ্ঠানিকভাৱে মুকলি কৰি জিতু শৰ্মা ৰাজখোৱাই কয় যে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ প্ৰতি বিভিন্নজনৰ বিৰাগ জন্মাৰ মূল কাৰণটোৱেই হৈছে সাংবাদিকতাৰ নামত একাংশই কৰা উশৃংখল আচৰণ।এখন সুস্থ সমাজৰ বাবে সংবাদ মাধ্যমৰ লোকসকল সংযম হোৱা উচিত বুলি তেখেতে উল্লেখ কৰে। অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই কয় যে অৰুণোদই যুগত আৰম্ভ হোৱা অসমৰ সাংবাদিকতাই ১৭৫ বছৰ অতিক্ৰম কৰাটো গৌৰৱৰ কথা।কিন্তু, এই গৌৰৱৰ পাছতো একাংশ লোকৰ উদাসীনতাৰ বাবেই সাংবাদিকতাৰ মান অৱনমিত হোৱা পৰিলক্ষিত হৈছে।তেখেতে সকলোপক্ষকে বাতৰিৰ মান উন্নীত কৰাৰ আহ্বান জনায়।ইপিনে, কাজিৰঙাৰ বৰগছ ৰিচৰ্টত অনুষ্ঠিত আজিৰ কৰ্মশালাৰ প্ৰথম দিনৰ প্ৰথম পৰ্বত জ্যেষ্ঠ সাংবাদিক অভিজিৎ গগৈয়ে প্ৰশিক্ষক হিচাপে উপস্থিত থাকি ‘সাংবাদিকৰ দায়বদ্ধতা আৰু সৃষ্টিশীলতা’ শীৰ্ষক আলোচনাত তত্বগধুৰ বক্তব্য আগবঢ়ায়।তেখেতে কয়, সকলো দিশ সঠিককৈ উপস্থাপন কৰাটোৱেই সাংবাদিকৰ দায়িত্ব।কিন্তু, সম্প্ৰতি একাংশ সাংবাদিকে দায়িত্ববোধ পাহৰি কেৱল প্ৰতিযোগিতাৰ নিগনি দৌৰত অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। যিয়ে সমাজলৈ নেতিবাচক প্ৰভাৱহে পেলাইছে।যাৰ বাবেই সংবাদ মাধ্যমৰ প্ৰতি বিভিন্নজনৰ বিতৃষ্ণা ওপজিছে। কিন্তু, জনগণৰ অন্তৰত সংবাদ মাধ্যমৰ প্ৰতি পুনৰ আস্থা প্ৰতিষ্ঠা কৰিবলৈ সংবাদ মাধ্যমৰ কাণ্ডাৰীসকলেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। ইপিনে, আজিৰ দ্বিতীয় পৰ্বত ‘ব্যক্তিত্ব বিকাশ, ইতিবাচক দৃষ্টিভংগীৰ অভ্যাস আৰু সম্পৰ্ক স্থাপন’ শীৰ্ষক আলোচনাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক বিতোপন মাজিয়ে সংবাদ মাধ্যমৰ লোকসকলে কি ধৰণে নিজৰ ব্যক্তিত্বৰ বিকাশিত কৰিব পাৰি সেই সম্বন্ধে বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়৷ তেখেতে জনসম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ লোকসকলে কেনেকৈ নিজক নিয়ন্ত্ৰণ কৰিব লাগে সেই সম্বন্ধেও ব্যাখ্যা আগবঢ়ায়।ইপিনে, আজিৰ দিনটোৰ শেষৰটো পৰ্বত কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক নীলপদ্ম শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি নিজৰ ডেৰ দশক কৰি থকা সাংবাদিকতাৰ বিভিন্ন অভিজ্ঞতা বহুলভাৱে আগবঢ়ায়। তেখেতে সাংবাদিকতাৰ ক্ষেত্ৰখনত লাভ বিভিন্ন তিতা-মিঠা অভিজ্ঞতা সম্বন্ধে বক্তব্য আগবঢ়ায়।কাজিৰঙা অধ্যয়ন চক্ৰৰ ইন্দুপৱন শইকীয়া, বিষ্ণু পাত্ৰ, গকুলানন্দ মজুমদাৰ, ভাৰতী দেৱী, ৰেখা মুণ্ডা, জোনমণি কৰ্মকাৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মহেশ্বৰ গগৈ, কাজিৰঙা আঞ্চলিক সমিতিৰ সঞ্জীৱ দত্ত উপস্থিত থাকি বিশেষভাৱে সহযোগিতা আগবঢ়ায়। আনহাতে, হাতত কেমেৰা অথবা ম’বাইল ফোনেৰে ৰেকৰ্ডিং কৰিলেই সাংবাদিক নহয়, বৰং সাংবাদিক হ’বৰ বাবে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন সেই সম্বন্ধে বক্তব্য আগবঢ়ায় কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই।সাহাই কয়, বিগত বৰ্ষত কেইগৰাকীমান উঠি অহা প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীক লৈ গঠন হোৱা কাজিৰঙা অধ্যয়ন চক্ৰই পঢ়াশুনাক প্ৰাধান্য দি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অধ্যয়ন কৰি আহিছে।আনহাতে, সুস্থ সাংবাদিকতাৰ বাবে কৰ্মশালা এটাৰ অত্যন্ত প্ৰয়োজন বুলি চিন্তা কৰিয়েই গোলাঘাট, নগাঁও আৰু যোৰহাট জিলাৰ ৪০ গৰাকী উঠি অহা প্ৰজন্মৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া সাংবাদিকতাৰ কৰ্মশালাৰ আয়োজন কৰিছে।কাইলৈ এই কৰ্মশালাত সমল ব্যক্তি হিচাপে পুৱাৰ ভাগত জ্যেষ্ঠ সাংবাদিক স্বপন নাথ, পৰৱৰ্তী সময়ত জ্যেষ্ঠ সাংবাদিক অমল দাস আৰু বিয়লিৰ ভাগত জ্যেষ্ঠ সাংবাদিক উত্তম শইকীয়াই উপস্থিত থাকি বক্তব্য আগবঢ়াব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.