বিৰোধীৰ পত্ৰৰ প্ৰতিশোধ বিজেপিৰ !

Share This Article

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱীৰ ঘৰত সোমবাৰে তালাচী চলোৱাৰ পিছত মঙলবাৰে পুনৰ চিবিআইয়ে ৰাৱৰী দেৱীৰ জীয়ৰী মিছা ভাৰতীৰ গৃহত তালাচী চলাবলৈ উপস্থিত হয়গৈ। চাকৰিৰ বিনিময়ত ভূমি লোৱা গোচৰত অভিযুক্ত ৰাৱৰী দেৱীৰ ঘৰত সোমবাৰে তালাচী চলায় চিবিআয়ে।উল্লেখ্য যে বিগত সপ্তাহত দেশৰ মুঠ ৮ টা বিৰোধী দলে কেন্দ্ৰীয় সংস্থাক অপব্যৱহাৰ কৰাৰ বিৰোধিতাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী লৈ পত্ৰ প্ৰেৰণ কৰিছিল।সেই পত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱীৰ পুত্ৰ তথা RJD ৰ নেতা বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱেও স্বাক্ষৰ কৰিছিল।পত্ৰখনত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱকো চিবিআয়ে লক্ষ্য কৰি লোৱাৰ বিষয়টো উল্লেখ কৰিছিল।’বহুক্ষেত্ৰত এই সংস্থাবোৰ শাসক দলৰ দুখন পাখিৰ দৰে কাম কৰে’-এনেদৰে পত্ৰত উল্লেখ কৰে বিৰোধী দলসমূহে।চিবিআয়ে চাকৰিৰ বিনিময়ত ভূমি সম্পৰ্কীয় গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ,পত্নী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাৱৰী দেৱী আৰু তেওঁলোকৰ দুগৰাকী কন্যা মিছা আৰু হেমাক দোষী হিচাপে অভিযুক্ত কৰিছে।২০০৪ চনৰ পৰা ২০০৯ চনৰ সময়চোৱাত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱে অতি কম মূল্যত ভূমি লৈ তাৰ বিনিময়ত চাকৰি দিয়াৰ অভিযোগত দোষী সাব্যস্ত কৰে চিবিআয়ে।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ ওপৰিও তেওঁৰ পত্নী,তেওঁৰ দুই কন্যা আৰু আন ১২গৰাকী লোকৰ নাম উল্লেখ আছে চিবিআইৰ গোচৰটোত।বিগত বৰ্ষৰ জুলাই মাহত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিশেষ কৰ্তব্যৰত বিষয়া ভোলা যাদৱক চিবিআয়ে গ্ৰেপ্তাৰ কৰিছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.