বিৰোধীত সঁচাকৈয়ে মতান্তৰ হৈছেনে?

Share This Article

লোকসভাৰ নিৰ্বাচনক লৈ শাসক বিৰোধীৰ জল্পনাকল্পনাৰ অন্ত নাই ।শাসক দল বিজেপিৰ লক্ষ্য যিকোনো প্ৰকাৰে তৃতীয়বাৰলৈ ক্ষমতালৈ অহা। আনহাতে,বিৰোধীৰ ঐক্যবদ্ধ মৰ্চাৰ লক্ষ্য বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই পঠিওৱা । দুয়োপক্ষই আগন্তুক লোকসভাৰ নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু আশ্চৰ্যজনক বিষয়টো হ’ল বিজেপিৰ নিজাববীয়া প্ৰস্তুতিৰ সমান্তৰালভাৱে বিৰোধী মিত্ৰজোঁট সম্পৰ্কত বিভিন্ন মনেসজা বাতৰি পৰিবেশন কৰাটো যেন এক অভ্যাসলৈ পৰিণত হৈছে।এই ক্ষেত্ৰত দলটোৱে ব্যৱহাৰ কৰিছে তথাকথিত গোডী মেডিয়াক।গোডী মেডিয়াৰ জৰিয়তে বিজেপিয়ে সময়ে সময়ে বিৰোধী মিত্ৰজোঁটক লৈ বাতৰি পৰিবেশন কৰি আহিছে।বিজেপি আৰু গোডী মেডিয়াই বিগত ১৯ ডিচেম্বৰৰ পিছৰ পৰা এটা খবৰক বিশেষ ভাৱে প্ৰচাৰ কৰি আহিছে৷সেই খবৰ অনুসৰি ইণ্ডিয়া মিত্ৰজোঁটৰ চতুৰ্থখন বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে মল্লিকাৰ্জ্জুন খাৰ্গেৰ নাম ঘোষণা কৰাত খড়গহস্ত হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।প্ৰায়বোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বাতৰিটো প্ৰকাশ কৰি দেশৰ জনতাক বিৰোধী মিত্ৰতাত ফাঁট মেলা বুলি এক প্ৰকাৰ ধাৰণাৰ সৃষ্টি কৰাৰ সময়তে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কোনোধৰণৰ অসন্তুষ্টি নাই বুলি প্ৰকাশ কৰে। তাৰ বিপৰীতে তেওঁলোকৰ আসন ভাগবটোৱাৰাৰ প্ৰক্ৰিয়াটো খুব সোনকালেই সম্পন্ন হ’ব বুলিও ঘোষণা কৰে।উল্লেখ্য যে ইণ্ডিয়া মিত্ৰজোঁটে অহা জানুৱাৰীৰ মাজভাগত কোনটো দলক কিমানখন আসন দিব সেই সিদ্ধান্ত লোৱাৰ কথা আছিল যদিও কিন্তু বৰ্তমানৰ দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১ ডিচেম্বৰৰ আগত কোনটো দলক কিমানখন আসন দিব সেই সিদ্ধান্ত ৰাজহুৱা কৰাৰ সম্ভাৱনা আছে ।কংগ্ৰেছ দলৰ এক শীৰ্ষ সূত্ৰই জনোৱা অনুসৰি কংগ্ৰেছে এই আসন ভাগবটোৱাৰাত কোনো বিগ ব্ৰাডাৰৰ ভূমিকা নলয়। বৰঞ্চ আন দলৰ মতামত গ্ৰহণ কৰিহে এক অনুপাত এক ভিত্তিত প্ৰাৰ্থী নিৰ্বাচনত গুৰুত্ব দিব।সেই অনুসৰি উত্তৰ প্ৰদেশত যিহেতু সমাজবাদী দলৰ প্ৰভুত্ব বেছি সেয়ে তাত সমাজবাদী দলক অগ্ৰাধিকাৰ দিয়া হ’ব৷ উত্তৰ প্ৰদেশৰ ৮০ খন আসনৰ ভিতৰত কংগ্ৰেছে অতি বেছি ১৫ খন আসনত প্ৰাৰ্থিত্ব বিচৰাৰ সম্ভাৱনা আছে। ঠিক সেইদৰে বিহাৰত ৬ খন আসন,মহাৰাষ্ট্ৰত ১৫ ৰ পৰা ১৭ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে কংগ্ৰেছে।অৱশ্যে কংগ্ৰেছে নিজাববীয়াকৈ চলোৱা সমীক্ষাত তেওঁলোকৰ প্ৰাৰ্থী যিকেইটা সমষ্টিত আন অংশীদাৰ দলৰ প্ৰাৰ্থীৰ তুলনাত শক্তিশালী তাতহে প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ইতিমধ্যে NCP ৰ মূৰব্বী শাৰদ পাৱাৰ,নেশ্যনেল কনফাৰেন্সৰ ফাৰুক আব্দুল্লা আদিয়ে কংগ্ৰেছৰ এই সিদ্ধান্তক সমৰ্থন আগবঢ়াইছে।উল্লেখ্য যে অহা ২৮ ডিচেম্বৰ বৃহস্পতিবাৰে RSSৰ ঘাটি নাগপুৰত ৰণদুন্দুভি বজাব কংগ্ৰেছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.