বিৰোধীক প্ৰতিহত কৰাৰ উপায় একমাত্ৰ ED আৰু CBI

Share This Article

বিৰোধী লগ লাগিলেই টেনচন হয় বিজেপিৰ।বিৰোধী নেতাক জে’ললৈ পঠিয়াবলৈ নানান পৰিকল্পনা বিজেপিৰ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক শেহতীয়াকৈ জে’ললৈ পঠিওৱাৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱ।বিগত বৰ্ষত বিজেপিৰ লগত মিত্ৰতা ভংগ কৰি জনতা দল (ইউ)ৰ নেতা নীতিশ কুমাৰে লালু প্ৰসাদ যাদৱৰ দল RJD ৰ সৈতে ঐক্যবদ্ধভাৱে চৰকাৰ গঠন কৰে।হিন্দীভাষীৰ প্ৰাধান্য থকা ৰাজ্য বিহাৰত ক্ষমতা হেৰুৱাই একপ্ৰকাৰ চৰম হতাশগ্ৰস্ততাত ভুগিছে দলটো ।তদুপৰি দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াৰ গ্ৰেপ্তাৰৰ পাছত কেইবাটাও বিৰোধী দলে প্ৰধানমন্ত্ৰীলৈ কেন্দ্ৰীয় সংস্থাৰ অবৈধ হাৰাশাস্তিৰ বিষয়টোত তেওঁৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল।সেই পত্ৰ প্ৰেৰণৰ পাছতেই চিবিআইৰ তালাচী আৰু জেৰা আৰম্ভ হয় আৰজেডিৰ নেতা লালু প্ৰসাদৰ কন্যা মিছা ভাৰতীৰ বাসগৃহত৷তদুপৰি ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেত্ৰী কে কবিতাকো চিবিআইয়ে শনিবাৰে জেৰাৰ বাবে তলব কৰে।শেহতীয়াকৈ চিবিআইৰ তালাচী সন্দৰ্ভত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘ ২০১৭ চনত প্ৰথম RJD আৰু JD (U) মিত্ৰতালৈ অহাৰ পিছত লালু প্ৰসাদ যাদৱৰ বাসগৃহত তালাচী অভিযান চলাইছিল চিবিআইয়ে৷তাৰ ঠিক ৫ বছৰ পাছত আমি পুনৰ লগ লাগিলোঁ আৰু পুনৰ চিবিআইয়ে তেজস্বী যাদৱক তলৱ কৰিছে।’ইয়াৰ আগতেও বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱক চিবিআইয়ে তলব কৰিছিল আৰু তেওঁ নিৰপেক্ষ তদন্তৰ খাতিৰত সেইবাৰ উপমুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল।তেজস্বী যাদৱক শুকুৰবাৰে ইডিয়ে পুনৰ জেৰা কৰে৷তদুপৰি তেওঁৰ মাতৃ তথা লালু প্ৰসাদৰ পত্নী ৰাৱৰী দেৱীকো জেৰা কৰে চিবিআইয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.