বিহাৰত এইবাৰ একেলগ হ’ব নেকি কানহায়া কুমাৰ আৰু লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱ?

Share This Article

বিহাৰ বিধান সভাৰ নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে এতিয়া আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। নীতিশ কুমাৰৰ নেতৃত্বাধীন শাসনাধিষ্ট জেডিইউ(JD-U) আৰু বিজেপিৰ চৰকাৰক অনাগত বিধান সভাত প্ৰত্যাহ্বান দিবলৈ টঙালি বান্ধিছে বিৰোধীয়েও।

লালু প্ৰসাদ যাদৱ জেইলত থকাৰ বাবে মুখ্য বিৰোধী দল আৰজেডি(RJD) ৰ নেতৃত্বত আছে এইবাৰ লালু প্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱ। ইয়াৰ মাজতে চর্চা চলিছে কানহায়া কুমাৰৰ চিপিআই দল আৰু আৰজেদিৰ একেলগ হৈ নিৰ্বাচনত নমাৰ প্ৰসংগ।

জানিব পৰা মতে দল দুটাৰ মাজত প্ৰাক নিৰ্বাচনী মিত্ৰতাৰ কথা বতৰা চলি আছে। বিহাৰত চিপিআই পূৰ্বৰ দৰে প্ৰভাৱশালী নহয় যদিও এনে কিছুমান অঞ্চল আছে য’ত দলটোৰ স্থিতি যথেষ্ট শক্তিশালী। যেনে বেগুচৰাই, নাৱদা, মাধুবনী, পূব চম্পাৰণ, বুকছাৰ আৰু নালন্দা আদি অঞ্চলত চিপিআইৰ সাংগঠনিক স্থিতি যথেষ্ট শক্তিশালী।

এনে পৰিস্থিতিত ৰাজ্যখনত বিজেপি বিৰোধী দল সমূহে যি মহাজোট গঠনৰ পৰিকল্পনা চলিছে তাত চিপিআই য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হ’ব বুলি ৰাজনৈতিক বিশেষজ্ঞ সকলে মত পোষণ কৰে।

কিন্ত এই মিত্ৰতা হোৱাৰ পথত জটিলতাও অনেক আছে। যোৱা লোক সভাৰ নিৰ্বাচনত কানহায়া কুমাৰৰ পৰাজয়ৰ এক অন্যতম কাৰণ হিচাপে লালু প্ৰসাদৰ আৰজেডি দল এক অন্যতম কাৰণ আছিল। আৰজেডি দলে কানহায়া কুমাৰে প্ৰতিদ্বন্দ্বিতা কৰা বেগুচৰাই সমষ্টিত অন্তিম মুহূৰ্তত নিজ প্ৰাৰ্থী থিয় কৰোৱাৰ ফলত হোৱা ভোট বিভাজনৰ ফলতে কানহায়া কুমাৰ পৰাজিত হৈছিল। গতিকে পূৰ্বৰ এই সংঘাত পাহৰি দল দুটা একেলগ হ’ব যে পাৰিব সেই কথাত বহুতেই সন্দেহ প্ৰকাশ কৰে।

অন্যহাতেদি যোৱা প্ৰায় ৪ মাহ দিন ধৰি কানহায়া কুমাৰ সংবাদ মাধ্যমৰ লগত কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰা নাই। জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত দিল্লী চৰকাৰে কানহায়া কুমাৰৰ বিৰুদ্ধে চলি থকা দেশদ্ৰোহী গোচৰৰ মামলা চলাবলৈ নিৰ্দেশ দিয়াৰ পাছতে তেওঁ সংবাদ মাধ্যম এৰাই চলিছে। গতিকে মিত্ৰতা হলেও কানহায়া কুমাৰৰ বিৰুদ্ধে চলি থকা দেশদ্ৰোহী গোচৰে মহাজোটৰ ৰাজনৈতিক অংকত আউল লগাব পাৰে বুলি একাংশ দলীয় নেতাই সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰিছে।

Featured photo courtesy: HuffPost India

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.