‘বিহ’ঢালি অমৃত পৰিণত মৰীচিকাত

Share This Article

খালিস্তানী নেতা অমৃতপাল সিঙক বিচাৰি হাবাথুৰি খাইছে আৰক্ষী।পঞ্জাৱ,হাৰিয়ানা,দিল্লী সকলোতে চলিছে অভিযান।অমৃতপালৰ সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে।দিল্লীৰ আইএছবিটিৰ চিচিটিভি ফুটেজতো বন্দী হৈছে অমৃতপাল কিন্তু সোঁশৰীৰে আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই অমৃতপালক।দিল্লী আৰক্ষীয়ে অমৃতপাল নেপাললৈ পলাই যোৱাৰ সন্দেহ কৰিছে।নেপালৰ এক সংবাদ মাধ্যমে সদৰী কৰা অনুসৰি কাঠমাণ্ডুত থকা ভাৰতীয় দূতাবাসে নেপালৰ বৈদেশিক মন্ত্ৰালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে৷সেই পত্ৰৰ জৰিয়তে অমৃতপাল সম্পৰ্কত প্ৰয়োজনীয় সকলো তথ্য ভাৰত চৰকাৰে নেপালৰ বৈদেশিক মন্ত্ৰালয়ক দাখিল কৰিছে।উল্লেখ্য যে পঞ্জাবৰ খালিস্তানী সমস্যাৰ লগত আছে অসমৰ ডিব্ৰুগড়ৰ এক সম্পৰ্ক৷ডিব্ৰুগড়ৰ জে’লত ৰাখিছে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা অমিতপালৰ সহযোগী কেইজনক।আইন শৃংখলা পৰিস্থিতিৰ বিষয়টোত গুৰুত্ব প্ৰদান কৰিয়েই এনে সিন্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ দপ্তৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.