বিশ্ব কাপ ফুটবল —- কোৱাৰ্টাৰ ফাইনেল

Share This Article

এটা দল থাকিল, আনটো আঁতৰিল !!

যেন এপাহ সৰিল, এপাহ ফুলিল ! আমাৰ কালিৰ প্ৰতিবেদনৰ আঁত ধৰি ক’বলৈ গ’লে এটা দল ছেমিলৈ আগবাঢ়িল । আনটোৱে বিদায় ল’লে । আমি ইউৰোপ-লেটিন আমেৰিকাৰ যুঁজৰ কথা কৈছিলো । বিশ্বকাপত এনেকুৱা এখন শীতল যুঁজ চলে বা চলিয়েই থাকে । সেই হিচাপত কালিৰ খেলত ফলাফল ১-১ ! সেয়া ইউৰোপ আৰু লেটিন আমেৰিকা উভয়ৰ সপক্ষে অথবা বিপক্ষে । দুয়োখন খেলেই আছিল একপ্ৰকাৰ যুদ্ধক্ষেত্ৰৰ দৰেই । কোনেও হাৰ মানিব নোখোজে । দুই-একৰ ব্যক্তিগত প্ৰতিভা তাৰ মাজত উদ্ভাসিত হ’লেও প্ৰতিষ্ঠিত হৈছিল দলীয় প্ৰদৰ্শন । গোনা মহৰ যুঁজ, সাপ-নেউল বা গেৰিলা ষ্টাইল, আপুনি যি কোনোৰ সৈতে ৰিজাব পাৰে ! আক্ৰমণ আৰু ৰক্ষণ,—মূলতঃ সেয়াই আচল যুঁজ । তাত গ’ল দিয়াই প্ৰধান লক্ষ্য । এইটো হিচাপত কালি নিশাৰ প্ৰথম দুয়োখন কোৱাৰ্টাৰ ফাইনেল নিৰ্দিষ্ট সময় নালাগে, অতিৰিক্ত সময়তো ফলাফল পোৱা নগ’ল । অৱশেষত টাইব্ৰেকাৰ, য’ত থাকে মাথোঁ দুজন খেলুৱৈ । এজনে শ্বট বা কিক ল’ব আৰু ১১ গজ আঁতৰত থকা প্ৰতিপক্ষগৰাকীয়ে ছেকেণ্ডৰো কম সময়ৰ ভিতৰত সিদ্ধান্ত লৈ ব্যৱস্থা ল’ব লাগে । কিন্তু সেয়াই ফুটবল । তাতেই তাৰ সৌন্দৰ্য আৰু আকৰ্ষণ ।
ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে অপূৰ্ব এটা গ’ল দি নেইমাৰে ব্ৰাজিলক আগুৱাই নিছিল যদিও শেষৰক্ষা নহ’ল । যোৱাবাৰৰ ৰাণাৰ-আপ ইউৰোপীয়ান প্ৰতিপক্ষই সেই গ’ল পৰিশোধ কৰি খেল টাইব্ৰেকাৰলৈ আগুৱাই নিয়ে । নেইমাৰৰ ট্ৰেজেদী চাওক । মূৰকতগৈ তেওঁ টাইব্ৰেকাৰত কিক ল’বলৈকে নাপালে । পেড্ৰো আৰু কাছেমিৰোৱে গ’ল দিয়াৰ বিপৰীতে মাৰ্কুইনহছৰ কিক পোষ্টত লাগে । আনহাতে ৰড্ৰিগোৰ কিক ক্ৰ’ৱেচিয়াৰ গ’লকীপাৰ লিভাকোভিচে ব্যৰ্থ কৰাত (৪-২ ) পঞ্চমটো কিক লোৱাৰ অৱকাশ নাথাকিল । তেনেদৰেই ৩০ বছৰীয়া প্ৰতিভাৱানগৰাকীয়ে ছেমি ফাইনেলৰ আগেয়েই বিশ্ব কাপত তৃতীয়টো অভিযান সামৰিবলগীয়া হয় । তাৰ আগেয়ে নেইমাৰে অৱশ্যে ব্ৰাজিলৰহৈ কিম্বদন্তী পেলেই দিয়া ৭৭ টা গ’লৰ অভিলেখ স্পৰ্শ কৰে ।

 আজিৰ খেল 
দ্বিতীয় দিনৰ কোৱাৰ্টাৰ ফাইনেলত তিনিটাকৈ ইউৰোপীয় দলৰ লগতে থাকিব আফ্ৰিকাৰ মৰক্কো । ১৯৭৬ চনত কোৱাৰ্টাৰ ফাইনেল খেলা মৰক্কোৱে আফ্ৰিকাৰ প্ৰথমটো দল হিচাপে ছেমিত প্ৰৱেশৰ চেষ্টা চলাব । সেই পথ তেওঁলোকৰ কেনেকুৱা হয়গৈ সেইটো ঠিক হব পৰ্টুগালৰ প্ৰদৰ্শনৰ ভেটিত । তেওঁলোকৰ প্ৰশিক্ষকে আকৌ এবাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক ১১ জনীয়াৰ তালিকাত ৰাখিব নে, পূৰ্বৰ খেলৰ দৰে তেওঁৰ পৰিৱৰ্তে নামি হেটট্ৰিক কৰা ৰেমছকে বাহাল ৰাখে, সেইটো লক্ষ্য কৰিবলগীয়া হ’ব । কিন্তু বিৰাট অংকৰ সমাহাৰ ঘটিব ইংলেণ্ড-ফ্ৰান্সৰ খেলত । দুয়োটা দলেই সম্ভাব্য বজয়ীৰ তালিকাত । বিশ্বৰ দুখন আগশাৰীৰ লীগৰ ক্লাবত খেলাৰ অভিজ্ঞতা থকা খেলুৱৈৰে পুষ্ট তেওঁলোক । এই পৰ্যন্ত পাঁচটাকৈ গ’ল দিয়া এমবাপেৰ দৰে খেলুৱৈ যদিহে ফৰাচী দলত আছে, তেনেদৰে বোকায়ো ছাকা বা ৰাছফৰ্ডৰ পৰ্যায়ৰ স্ক’ৰাৰ মজুত থাকিব ইংলিছ শিৱিৰত ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.