সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিশেষভাৱে সক্ষম হৈয়ো আব্দুলে মেট্ৰিক পৰীক্ষাত লাভ কৰিলে ৫টা বিষয়ত লেটাৰসহ ৮৬শতাংশ

মেট্ৰিকৰ ফলাফল নহয়, এগৰাকী দিন হাজিৰা কৰা দেউতাক তথা এগৰাকী মাতৃৰ কষ্টৰ ফলাফল এয়া। পৰিয়ালৰ সৈতে ভাড়াঘৰত থকা মধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হৈছে ছাত্ৰজন। নাম-আব্দুল মজিদ। ছাত্ৰজনে প্ৰমাণ কৰি পুনৰ দেখুৱালে যে শাৰীৰিক বাধাগ্ৰস্ততাই শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে। ইচ্ছা আৰু অধ্যৱসায় থাকিলে নিজৰ আশাক সফল ৰূপায়ণ কৰিব পাৰি। বহুজনৰ মাজত তাৰেই আজিৰ এক জ্বলন্ত উদাহৰণ আব্দুল মজিদ। আব্দুলৰ আমাৰ দৰে নাই দুয়োখন হাত।

এক চাংসাৰীৰ এটা সৰু ঘৰত ভাড়াত থাকে মজিদৰ পৰিয়াল। দেউতাক শুকুৰ আলী আৰু মাতৃ মঞ্জু বেগমে নিজৰ অভিভাৱকত্ব পালন কৰি সীমিত ব্যৱস্থাৰে পুত্ৰৰ চিকিত্ক হোৱাৰ আশাক বাস্তব ৰূপ দিবলৈ চেষ্টা চলাই আহিছে। তাৰেই ফলাফল আজি লাভ কৰিছে তেওঁলোকে। আব্দুলে ৫টা বিষয়ত লেটাৰ মাৰ্ক পাই ৮৬শতাংশৰে উত্তীৰ্ণ হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত (অসমীয়া- ৮৪, ইংৰাজী-৮৪, সাধাৰণ বিজ্ঞান- ৮২, সমাজ বিজ্ঞান-৯৩, গণিত-৭৫ আৰু আৰৱীক-৯৪)। দ্য ক্ৰছকাৰেণ্টৰ আগত পৰিয়ালৰ লোকে জনোৱামতে আব্দুল এগৰাকী কষ্টপৰায়ণ ছাত্ৰ। যদিও দুয়োখন হাত সাধাৰণ লোকৰ দৰে নহয়, তথাপি যথেষ্ট একাগ্ৰতাৰে শিক্ষা গ্ৰহণ আহিছিল। আজি তাৰেই প্ৰতিফল আব্দুলৰ ফলাফল।তদুপৰি পৰিয়ালৰ লোকে জনায় যে আব্দুলৰ ইচ্ছা ভৱিষ্যতে কটনত পঢ়ি নিজৰ শিক্ষা জীৱন আগবাঢ়ি যাওক। ৰাইজৰ সেৱাৰ বাবে এগৰাকী সফল চিকিত্সক হোৱাৰ মন আৰু লক্ষ্য আব্দুলৰ। অধ্যয়নলিপ্সা, একাগ্ৰতা, ধৈৰ্য থাকিলে কিদৰে নিজৰ মনোকামনা পূৰ্ণ কৰিব পাৰি তাৰ এক উদাহৰণ আব্দুল মজিদ।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.