বিবাহৰ ঋণ লৈ নিঃশেষ এটি পৰিয়াল

কণাটকৰ হাভেৰীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।ৰাজ্যখনৰ চাভানুৰ তালুকৰ তন্দুৰ গাঁৱৰ হনুমন্ত গৌড়া পাটিলৰ ঘৰত বৃহস্পতিবাৰে সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা।পৰিয়ালটোৰ মুঠ ৩ গৰাকী লোকেই একেলগে নিজকে নিঃশেষ কৰাৰ সিন্ধান্ত ল’লে।গাঁও খনৰ বাসিন্দা হনুমন্ত গৌড়া পাটিলে কন্যাৰ বিবাহৰ বাবে ২৫ লাখ টকাৰ ঋণ লৈছিল বেংকৰ পৰা।কন্যাৰ বিবাহৰ ইতিমধ্যে ৮ মাহ পাৰ হ’ল।পাটিলে বেংক আৰু আন লোকৰ পৰা লোৱা ঋণবোৰ ঘূৰাব পৰা নাছিল।আনকি বেংকৰ লোকৰ মানসিক অত্যাচাৰৰ পৰা হাত সাৰিবলৈ তেওঁ আন এটুকুৰা স্থানলৈ আঁতৰি গৈছিল।উপায়হীন হৈ তেওঁলোকে নিজকে একেলগে নিঃশেষ কৰাৰ সিদ্ধান্ত লয়।পৰিয়ালটোত ৫৪ বছৰীয়া হনমন্ত গৌড়া পাটিল,৫০ বছৰীয়া ললিতা আৰু কন্যা ২২ বছৰীয়া নেত্ৰা আছিল।আৰক্ষী অধীক্ষক শিৱকুমাৰ গুণাৰে কয় ‘ হনুমন্ত গৌড়া পাটিলে প্ৰায় ২৫ লাখ টকাৰ ঋণ লৈছিল।তেওঁ ঋণবোৰ ঘূৰাব পৰা নাছিল।উপায়হীন হৈ তেওঁ তেওঁৰ পত্নী আৰু কন্যাক লৈ আন এঠাইলৈ গুছি গৈছিল।প্ৰাথমিক অনুসন্ধানত এয়া এক আত্মহত্যাৰ ঘটনা বুলিয়েই নিশ্চিত হৈছে।এই সম্পৰ্কে এক গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296