বিবাহথলীতে মৃত্যু কইনাৰ

বৰমালা পিন্ধায়েই মৃত্যুক সাৱটিলে কইনাই ৷হয়,দৰাক মালা পিন্ধাই বাগৰি পৰিল কইনা ৷লক্ষ্ণৌৰ মলিহাবাদৰ ভাদৱানা জিলাত সংঘটিত এই ঘটনা ৷কইনাৰ নাম শিৱাংগী৷ভাদৱানা জিলাৰ ৰাজপল যাদৱৰ কন্যা শিৱাংগী ৷শনিবাৰে শিৱাংগীৰ বিবাহ কাৰ্য চলি থকাৰ সময়ত জয়মালা পিন্ধোৱাৰ পৰ্ব চলি থাকোতেই দৰাৰ ডিঙিত মালা পিন্ধাই মুৰ্হুততে বাগৰি পৰি মৃত্যুক সাৱটি লয় শিৱাংগী৷ঘটনাত হতচকিত হৈ পৰে উপস্থিত অতিথিসকল৷
“ ৰাজপালৰ কন্যা শিৱাংগীৰ বিবাহ বিবেক নামৰ দৰাজনৰ লগত অনুষ্ঠিত হৈ আছিল৷কইনাই হাতত বৰমালা লৈ দৰাৰ ডিঙিত পিন্ধাই দিয়েই হঠাৎ ঢলি পৰিল৷ঘটনাৰ আকস্মিকতাত হুৱাদুৱা লাগিল বিবাহবাহৰত”-এনেদৰে তথ্য লাভ কৰা বুলি জনাই মালিহাবাদৰ ষ্টেচন হাউচ অফিচাৰ সুভাষ চন্দ্ৰ সৰুযে৷শিৱাংগীক তৎক্ষণাৎ ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়৷কিন্তু অৱস্থা গুৰুতৰ দেখি ট্ৰমা চেণ্টাৰলৈ লৈ যোৱাৰ পৰামৰ্শ দিয়া হয় যদিও আদবাটতে মৃত্যু হয় শিৱাংগীৰ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296